দুলীয়াজানত ভ্ৰমণ বৃত্তান্ত থকা ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি
নিয়মীয়া বাৰ্তা, ৬ জুন : দুলীয়াজানত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ভ্ৰমণ বৃত্তান্ত থকা ক’ভিড ৰোগীৰ সংখ্যা । মাতৃ-কন্যাৰ দেহত পোৱা গৈছে ক’ভিড-১৯ পজিটিভ ।
যোৱা ২৯ জুনৰ পৰা কোৱাৰেন্টাইন হৈ থকা দুলীয়াজান অইল কলনীৰ অভিজিত দে’ (২৯), নতুন পাৰা অঞ্চলৰ পুষ্পা দেৱী (৫০) , অনিৰুধা গুপ্তা (২৬) আৰু টেঙাখাটৰ গুইখাটী গাওঁৰ উমেশ চেত্ৰী (২৭) এই কেওগৰাকীক ছোৱাব পৰীক্ষাৰ যোগেদি ইতিমধ্যে ক’ভিড ৰোগী হিচাপে চিনাক্ত কৰা হৈছে ।
উল্লেখযোগ্য যে বিমানযোগে কলকাতাৰ পৰা অহা অভিজিত ডিব্ৰুগড়স্হিত হোটেল টাচ্চিত আৰু মাতৃ-কন্যা দুইগৰাকী হায়দৰাবাদৰ পৰা আহি নতুন পাৰা নিজা বাসগৃহত কোৱাৰেন্টাইন হৈ আছিল ।
ইফালে টেঙাখাট অঞ্চলৰ পজিটিভ ৰোগী গৰাকী বাংগালোৰৰ পৰা আহি ডিব্ৰুগড়স্হিত হোটেল ইষ্ট এণ্ডত কোৱাৰেন্টাইনত আছিল । আজি টেঙাখাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ স্বাস্থ্যকৰ্মীয়ে দুলীয়াজানৰ পৰা ক’ভিড পজিটিভ মাতৃ-কন্যাক ১০৮ ৰ যোগেদি অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা লগতে ডিব্ৰুগড় হোটেলত কোৱাৰেন্টাইন হৈ থকা আন দুইগৰাকী ৰোগীকো হাস্পতালত ভৰ্ত্তি কৰা হয় ।