ধেমাজিত পানীত পৰি এজনৰ সলিল সমাধি
নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ ধাৰাষাৰ বৰষুণৰ বাবে উপচি পৰা নদ-নদীৰ পানীত পৰি ইটোৰ পিছত সিটোকৈ পানীত পৰি মৃত্যুৰ ঘটনা বৃদ্ধি পাই আহিছে৷
আজিও ধেমাজি জিলাত জলসমাধি ঘটি প্ৰাণ গ’ল এটি কিশোৰৰ ৷ কিশোৰটি হ’ল ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত দিঘলী মিচিং গাঁৱৰ গুণ মিলিৰ পুত্ৰ খগেশ্বৰ মিলি (১৫)৷ ঘটনাৰ প্ৰাপ্ত বিৱৰণী মতে কালি সন্ধিয়া প্ৰায় ৫ বজাৰ পৰাই নিখোজ হৈ আছিল খগেশ্বৰ ৷ প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে ল’ৰাটো কোনো সমনীয়াৰ ঘৰলৈ যোৱা বুলি ধাৰণা কৰিছিল৷ পিছে নিশা পৰ্যন্ত কোনো খা খবৰ নোলোৱাত হাহাকাৰ লাগে৷ অৱশেষত আজি পুৱাৰ ভাগতে ধেমাজি ৰে’ল ষ্টেচনৰ সমীপৰ এটা গভীৰ পুখুৰীত উদ্ধাৰ হ’ল খগেশ্বৰৰ মৃতদেহ ৷ সংশ্লিষ্ট এলেকাৰ দণ্ডাধীশ তথা চক্ৰ বিষয়াৰ উপস্থিতিত ধেমাজি আৰক্ষী থানাৰ উপ- পৰিদৰ্শক পদ্মেশ্বৰ বৰকটকীৰ নেতৃত্বত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি ধেমাজি অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷
লক্ষনীয় যে, ল’ৰাটো বিগত দীৰ্ঘদিনে মৃগী ৰোগৰ আক্ৰান্ত হৈ আছিল৷ ঘটনাৰ সময়ত পুখুৰীৰ কাষতে হঠাৎ ৰোগবিধত আক্ৰান্ত হৈ মৰ্মান্তিক ঘটনাটো সংঘটিত হোৱা বুলি ৰাইজে সন্দেহ কৰিছে ৷ আকস্মিক ঘটনাটোৱে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ৷