নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰ আৰু কামৰূপ মহানগৰ জিলাৰ মাজত আহ–যাহত নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ সংকটময় পৰিস্থিতিগত কাৰণত শোণিতপুৰ জিলাৰ পৰা কামৰূপ মহানগৰ জিলালৈ আৰু কামৰূপ জিলাৰ পৰা শোণিতপুৰ জিলালৈ সম্প্রতি কৰিব নোৱাৰিব যাতায়াত৷ মহামাৰী ক’ভিড–১৯ৰ গণ সংক্রমণে কামৰূপ মহানগৰ জিলাত ক্রমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্রেক্ষিতত শোণিতপুৰ জিলা প্রশাসনে আজি এই নিষেধাজ্ঞা জাৰি কৰিছে৷ শোণিতপুৰ জিলা দণ্ডাধীশ তথা উপায়ুক্ত মানৱেন্দ্র প্রতাপ সিঙে  জাৰি কৰা এক নির্দেশযোগে শোণিতপুৰৰ পৰা কামৰূপ মহানগৰ জিলালৈ আৰু কামৰূপ মহানগৰৰ পৰা শোণিতপুৰ জিলালৈ ৰাইজৰ অহা–যোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ শোণিতপুৰ জিলাত পুনৰ নতুনকৈ ৯গৰাকীৰ শৰীৰত ধৰা পৰিছে ক’ৰোনা ভাইৰাছৰ অৱস্থিতি৷

ছোৱাব পৰীক্ষাৰ অন্তত ক’ভিড–১৯ত আক্রান্ত বুলি যোৱানিশাৰে পৰা এইপর্যন্ত চিনাক্ত হোৱা জিলাখনৰ এই লোকসকল হ’ল ক্রমে ঢ়েকীয়াজুলিৰ কুমাৰ ছেত্রী, বিহগুৰি ৰঙামাটিৰ অনুপম নাথ, ৰঙাপৰাৰ কছাৰী গাঁও চাহ বাগিচাৰ শচীন ৰাজপুত আৰু দ্বীপ ৰাজপুত ৰঙাপৰা টাউনৰ পুনম তাঁতী আৰু জ্যোতি ভাংৰা ৷ আনহাতে , বালিপৰা হঁাহচৰাস্থিত সেনা বাহিনীৰ প্রশিক্ষণ কেন্দ্রৰো পি কে সিং , ৰাজেশ কুমাৰ আৰু ৰোমিন্দৰ সিং নামৰ তিনিগৰাকী জোৱানৰ শৰীৰত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰিছে ৷ উল্লেখ্য যে এই বাতৰি যুগুতোৱা পৰলৈকে শোণিতপুৰ জিলাত চিনাক্ত হোৱা ক’ভিড ৰোগীৰ সংখ্যা ৪০৯গৰাকী৷

You might also like