অভিজাত ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বীতাৰ নিৰ্দশন মৰিগাঁৱৰ উদ্যমী যুৱক প্ৰভাকৰ ডেকাৰ
বহিঃৰাজ্যৰ পৰা ঘূৰি অহা যুৱকসকলক ঘৰতে থাকি উন্নতজাতৰ খেতি কৰি স্বাৱলম্বী হ'বলৈ আহবান প্ৰভাকৰৰ
নিয়মীয়া বাৰ্তা, ৬ জুলাই- কেইটামান মটৰ চাইকেলৰ পেলনীয়া ট্ৰায়াৰ আৰু কেইটামান ক্ৰংকিটৰ খুটা। এই দুবিধ সামগ্ৰী হ’লেই জৈৱিক পদ্ধতিৰে আপুনিও কৰিব পাৰে এবিধ অভিজাত ফলৰ খেতি অতি ভিটামিনযুক্ত ,ৰসাল, সোৱাদযুক্ত তথা ঔষধিগুণ সম্পন্ন ড্ৰেগনৰ ফলৰ খেতিৰে আপুনিও হব পাৰে স্বাৱলম্বী । একালত উন্নত ৰাষ্ট্ৰসমূহৰ অভিজাত খেতি তথা ফলৰূপে পৰিচিত এইবিধ ফলৰ ব্যৱসায় ভিৰ্ত্তিত খেতি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে মৰিগাঁও জিলাৰ দমাল অঞ্চলৰ প্ৰভাকৰ ডেকা নামৰ এজন শিক্ষিত যুৱকে ৷
কৃষক প্ৰভাৰকে নিয়মীয়া বাৰ্তাক জনোৱা মতে এক বিঘা মাটিত দুই শ পুলি ৰূপণ কৰি প্ৰথম বছৰ ১.৫ লাখ টকা খৰছ কৰাৰ পাছত ২০-২৫ বছৰলৈ ফল বিক্ৰী কৰিৰ উপৰিও ইয়াৰ পুলি বিক্ৰীৰে লাভাম্বিত হব পাৰি। একোটা পুলিত ৪০-৫০ টকাকৈ বিক্ৰী কৰাৰ লগতে ড্ৰেগন প্ৰতি কিলো ৪ ৰ পৰা ৬ শ লৈকে বিক্ৰী কৰি বছৰত প্ৰায় ৫ , ৬ লক্ষাধিক টকা উপাৰ্জন কৰিছে স্বাৱলম্বী হৈছে যুৱকজন ৷ মৰিগাঁৱৰ প্ৰভাকৰ (পোণা ) ডেকাৰ মতে ছমাহতে পুলি উৎপাদন কৰিলে শীঘ্ৰেই মূলধন পাব পাৰি। এক বছৰৰ পৰা ছিগিব পাৰি ফল। আনহাতে দ্বিতীয় বছৰৰ পৰা বৃদ্ধি হয় পুলি আৰু ফলৰ উৎপাদন ।
মৰিগাঁৱৰ এইজন প্ৰভাকৰ ডেকাৰ মতে এবিঘা মাটিত বছৰত পুলি আৰু ফল বিক্ৰীৰে কমেও ৫ ৰ পৰা ৬ লাখ টকা কৰিব পাৰি উপাৰ্জন । উল্লেখ যে সম্পূৰ্ণ নিজাকৈ আৰম্ভ কৰা এই অভিযাত ড্ৰেগন ফলৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ দৰে বৰ্তমান কৰো’না সংক্ৰমনৰ বাবে বহিঃৰাজ্যৰ পৰা নিজ নিজ ঘৰলৈ উভতি অহা প্ৰতি গৰাকী ব্যক্তিক এনেধৰণৰ খেতি কৰি নিজৰ লগতে পৰিয়ালটিক স্বাৱলম্বী কৰিবলৈ সকলোকে আহ্বান জনাইছে মৰিগাঁৱৰ প্ৰভাকৰ ডেকাই ৷