নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বানাক্ৰান্ত ৰাইজৰ মাজত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা; বানাক্ৰান্তৰে মত বিনিময়

৫০ লাখটকীয়া মথাউৰিৰ চিবিআইৰ তদন্তৰ দাবী

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ চিয়াং নদীৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ ল’লে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই৷ সোমবাৰে সন্ধিয়া জোনাই বেৰাচাপৰিৰ বানক্ৰান্ত অঞ্চলত উপস্থিত হৈ চিয়াং নদীয়ে বিধ্বস্ত কৰা মথাউৰি পৰিদৰ্শন কৰি মথাউৰিত শিবিৰ পাতি আশ্ৰয় লোৱা বৰ্ন্যাঢ্য লগতে বানক্ষতিগ্ৰস্থ ৰাইজৰ সতে মতবিনিময় কৰি কংগ্ৰেছ দলৰ সভাপতি গৰাকীয়ে কয় জোনাইৰ বেৰাচাপৰি অঞ্চলত লালী-চিয়াং নদীৰ সংযোগস্থলত যোৱা বছৰেই মথাউৰি চিঙি ৰাইজে এই দুৰ্দশা ভূগি আহিছে৷ সেই সময়তে জোনাইৰ স্থানীয় বিধায়ক আৰু সংসদে স্থায়ীভাৱে বান বান্ধি দিয়া হব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু চৰকাৰ তথা জনপ্ৰতিনিধি সকলে বান বিধ্বস্ত অঞ্চলত কোনো স্থয়ী কাম নকৰিলে ৷

  ইফালে প্ৰতিশ্ৰুতি কথা ৰাখিবৰ বাবে ৰাইজৰ আগত চলিত বৰ্ষৰ বাৰিষাৰ আগমণৰ আগত এপ্ৰিল মাহৰ পৰা MGNREGA অধীনত এটা ৫০ লাখ টকীয়া মথাউৰি আৰম্ভ কৰে কেইখনমান ট্ৰেক্টৰেৰে মাটি আনি নিৰ্মাণ কৰি দেখুৱাই ৷ গতিকে সেই কথা স্পষ্ট যে এই খন মথাউৰি নিৰ্মাণৰ নামত সম্পূৰ্ণ লুন্ঠনৰাজ চলিছে ৷ ইয়াৰ ওপৰত উচিত তদন্ত ৰ দাবী তোলে সভাপতি গৰাকী ৷ লগতে কাৰ ভূলৰ বাবে ৰাইজে এনে দুৰ্দশা সন্মুখীন হব লগা হৈছে কোন বিষয়া, কোন মন্ত্ৰী, কোন বিধায়ক ইয়াৰ দায়ী বুলি প্ৰশ্ন কৰে৷ গতিকে কংগ্ৰেছ দলৰ তৰফৰ পৰা ইয়াৰ ওপৰত এক চিবিআইৰ তদন্তৰ দাবী জনাইছে চৰকাৰক৷ আৰু লগতে কয় বৃহত্তৰ বেৰাচাপৰি অঞ্চলৰ মানুহৰ খেতি পথাৰ সম্পূৰ্ণ পানীৰ তলত গতিকে যেতিয়ালৈকে চৰকাৰে মথাউৰি নিৰ্মাণ কৰি স্থায়ী সমাধান নকৰে তেতিয়ালৈ বানাক্ৰান্তক ৰেচনৰ দায়িত্ব লোৱা, মাটিৰ খাজনা ৰেহাই দিয়া , জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱা পানীৰ যোগান ব্যৱস্থা , চৰকাৰে বানাক্ৰান্তৰ মাজত নিয়মীয়কৈ চিকিৎসক পঠাই ৰাইজক স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ দিয়াৰ ব্যৱস্থা, পশুধনৰ খাদ্য এবছৰলৈ পশুখাদ্য যোগান ধৰিব লাগে আৰু বহু মানুহৰ ঘৰদুৱাৰ বানত উঠি গৈছে সেইয়ে চৰকাৰে চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা লগতে আৰ্থিক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক ওচৰত লিখিতভাৱে দাবী জনাব বুলি বানাক্ৰান্ত ৰাইজৰ ওচৰত আশ্বাস দিয়ে৷ সময়ত মথাউৰি নিৰ্মাণ নকৰাৰ ফলত আজি ৰাইজৰ এই দুৰ্দশা আৰু এই চৰকাৰখন দুৰ্ণীতিৰ আশ্ৰয় লোৱা বুলিও তীব্ৰ সমালোচনা কৰে৷

উল্লেখ্য যে জোনাই মহকুমাৰ বেৰাচাপৰিৰ বানপীড়িত ৰাইজে কংগ্ৰেছ সভাপতি গৰাকীৰ ওচৰত ক্ষোভ উজাৰি কয় বানপানী হলে সকলো জনপ্ৰতিনিধি নেতা পালিনেতাসকল আহি বিভিন্ন প্ৰতিশ্ৰুতি দি যায় কিন্তু চিয়াং লালী নদীৰ গড়াখহনীয়াৰ অজি পৰ্যন্ত স্থায়ী সমাধানৰ কাৰনে কোনো চৰকাৰে ব্যৱস্থা গ্ৰহন নকৰে অকল নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ আহি সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ৷ খহনীয়াগ্ৰস্ত পৰিয়াল সমূহে মথাউৰি ওপৰত তিৰ্পাল তৰি জুপুৰি ঘৰ সাজি জীৱন নিৰ্বাহ কৰিবলৈ লৈছে কোনো মতে। বৰ্ণনাতীত দুখ দুৰ্দশাৰ মাজত দিন কটাবলগীয়া হৈছে  খহনীয়াত ঘৰভেটি উছন যোৱা নৈপৰীয়া অঞ্চলৰ ৰাইজে । কোনো এখন চৰকাৰে নৈপৰীয়া ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ বাবে আজিকোপতি পদক্ষেপ গ্ৰহণ নকৰাত বানপীড়িত আৰু খহনীয়াগ্ৰস্ত পৰিয়ালৰ মাজত চৰকাৰৰ বিৰুদ্ধে ব্যাপক অসন্তুষ্টি সৃষ্টি হোৱাৰ কথা ব্যক্ত কৰে আৰু যি চৰকাৰে নহক নৈপৰীয়া অঞ্চলৰ সমাধান কৰি দিবলৈ আহ্বান জনাই কংগ্ৰেছ সভাপতিৰ আগত জোনাই বিনপীড়িত ৰাইজে ।

আজিৰ পৰিদৰ্শন সময়ত মুৰ্কংচেলেক ব্লক কংগ্ৰেছ সভাপতি ঞ্জয় পেগু ,অসম প্ৰদেশৰ জিলা যুৱ কংগ্ৰেছ কমিটি সাধাৰণ সম্পাদক বিজু পেগু, ৰাজীৱ পেগু , মুৰ্কংচেলেক ব্লক যুৱ কংগ্ৰেছ সভাপতি হিতেশ পেগু , অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুশীল পেগু অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য হেমহৰি প্ৰসন্ন পেগু , অসম প্ৰদেশ কংগ্ৰেছ কমিটি সম্পাদক শৈলেন সোনোৱাল, জিলা কমিটিৰ উপ সভাপতি বিজয় পেগু, জিলা কংগ্ৰেছ কমিটিৰ সভাপতি নিতু বৰগোহাঁই , লগতে ধেমাজি জিলাৰ অসম প্ৰদেশ কংগ্ৰেছ কৰ্মী সকল সংগ দিয়ে।

You might also like