কার্ফিউৰ মাজতে নামনি সোৱণশিৰি প্রকল্পলৈ সৰবৰাহ বৃহৎ যন্ত্রাংশ–ট্রেন্সফর্মাৰ
নিয়মীয়া বাৰ্তা, ৮ জুলাই: মহামাৰীৰ সংকটৰ মাজতে ৰাইজৰ জীৱন বিপন্ন কৰি পূর্ণগতিত চলিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণ৷ শেহতীয়া কেইটামান দিন ধৰি নিশাৰ ভাগত গোপনে গেৰুকামুখৰ প্রকল্পস্থলীলৈ সৰবৰাহ কৰা হৈছে বৃহৎ বৃহৎ যন্ত্রাংশৰ লগতে ট্রেন্সফর্মাৰ৷ বৃহৎ নদীবান্ধ নির্মাণকাৰী সংস্থান এইচ পি চিৰ এই কাৰচাজিক লৈ এতিয়া তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ ঠায়ে ঠায়ে বিভিন্ন দল–সংগঠনে এই যন্ত্রাংশসমূহৰ পৰিবহণত বাধা দিয়াৰ চেষ্টা কৰিছে যদিও চৰকাৰে আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে হ’লেও নির্মাণ সামগ্রী সৰবৰাহ কৰাইছে৷
উল্লেখ্য যে ক’ৰোনা মহামাৰীৰ সংক্রমণ প্রতিৰোধৰ বাবে সমগ্র ৰাজ্যত সন্ধিয়া সাত বজাৰ পৰা বলৱৎ কৰা হৈছে কঠোৰ সান্ধ্য আইন৷ কার্ফিউ বলৱৎ হৈ থকা সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্রী, অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে আন সাধাৰণ লোকৰ আহ–যাহ সম্পূর্ণৰূপে নিষিদ্ধ৷ কিন্তু অসম চৰকাৰে এতিয়া গেৰুকামুখৰ বৃহৎ নদীবান্ধ নির্মাণৰ বাবে প্রয়োজনীয় যন্ত্র–পাতিকো অত্যাৱশ্যকীয় সামগ্রীৰেই মর্যাদা দিছে৷ যাৰ বাবে ক’ভিডৰ মাজতো এন এইচ পি চিয়ে নির্বিঘ্ণে প্রতিনিশা সৰবৰাহ কৰি আছে প্রয়োজনীয় কংক্রটিৰ লগতে আন আন যন্ত্রপাতি৷ প্রণিধানযোগ্য যে বিগত কেইবাবছৰ ধৰি নগাঁৱৰ শেনচোৱাত থকা গুদামত জমা হৈ আছিল জলবিদ্যুৎ প্রকল্পটোৰ বাবে প্রয়োজনীয় ২৭টা ট্রেন্সফর্মাৰৰ লগতে আন আন যন্ত্রাংশ৷ অসমৰ বিভিন্ন সংগঠন আৰু ৰাইজৰ বাধাৰ বাবে এই যন্ত্রপাতিসমূহ সৰবৰাহ কৰিব পৰা নাছিল৷ কিন্তু শেহতীয়াকৈ চৰকাৰে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে লকডাউন বলৱৎ কৰাৰ উপৰি সাধাৰণ লোক একগোট হোৱাৰ ক্ষেত্রতো নিষেধাজ্ঞা আৰোপ কৰে৷ ইয়াৰে সুযোগ লৈ আৰম্ভ হয় এন এইচ পি চিৰ তৎপৰতা৷ সংস্থাটোৱে ট্রেন্সফর্মাৰসহ অন্যান্য সামগ্রী সৰবৰাহৰ বাবে ‘চিজে ডার্ছিল’ নামৰ এটা পৰিবহণ কোম্পানীক দায়িত্ব প্রদান কৰে৷ সেইমর্মে নগাঁৱৰ শেনচোৱাৰ পৰা আৰম্ভ হয় নদীবান্ধৰ নির্মাণ সামগ্রীৰ সৰবৰাহ৷ বৃহৎ বৃহৎ ট্রাকত ট্রেন্সফর্মাৰ, ষ্টানেল আদি সামগ্রী নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পস্থলী অভিমুখে গৈ থকা অৱস্থাত বিভিন্ন স্থানত ৰাইজে বাধা দিয়াৰ চেষ্টা চলায়৷ ইয়াকে লৈ আৰক্ষী আৰু প্রতিবাদকাৰীৰ মাজত সংঘাতৰো সূত্রপাত হয়৷
ধলপুৰ, গহপুৰ, লখিমপুৰ আদিত সামগ্রী সৰবৰাহত ৰাইজে তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ পাছত গোগামুখত আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, টি এম পি কেৰ লগতে আন কেইবাটাও সংগঠনৰ সদস্যই এখন বাহন জব্দ কৰে৷ কিন্তু আৰক্ষীয়ে এন এইচ পি চিৰ সামগ্রী অৱৰোধ কৰা ধেমাজি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈ, ৰাজ্যিক কার্যনির্বাহক গোপাল দাস, টি এম পি কেৰ ধেমাজি জিলাৰ সভাপতি হৰিচন্দ্র কামান, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক ৰঞ্জন বৰা, আটাছুৰ প্রচাৰ সম্পাদক তুলাৰাম গগৈকে ধৰি শতাধিক প্রতিবাদকাৰীক গ্রেপ্তাৰ কৰি ট্রাকখন গেৰুকামুখলৈ লৈ যায়৷ ইফালে, কালি গোগামুখত প্রতিবাদৰ বাবে ৰাইজ সাজু হৈ থকাৰ খবৰ পাই প্রশাসনে গোগামুখ পোৱাৰ আগতে ঘাগৰ হৈ গেৰুকামুখলৈ যোৱা আন এটা পথ ততাতৈয়াকৈ নির্মাণ কৰি উলিয়ায়৷ সেই পথেৰে এখন নির্মাণ সামগ্রী কঢ়িওৱা বাহন ৰাওনা হোৱাৰ সময়তে বোকাত আবদ্ধ হৈ পৰে৷ এতিয়াও ট্রাকখন তাতেই আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে৷ এনেদৰেই এতিয়া কার্ফিউৰ মাজতে আৰক্ষীৰ নিৰাপত্তা লৈ এন এইচ পি চিয়ে ট্রেন্সফর্মাৰকে ধৰি বৃহৎ বৃহৎ যন্ত্রাংশ সৰবৰাহৰ কাম অব্যাহত ৰাখিছে৷
উল্লেখৰ নিষ্প্রয়োজন যে শেহতীয়া বৰষুণত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ গার্ড ৱালকে ধৰি মূল বান্ধলৈ যোৱা পথো খহি পৰিছিল৷ যাৰ বাবে বান্ধৰ নামনি অংশত থকা জনসাধাৰণৰ মাজত তীব্র আতংক সৃষ্টি হয়৷ দুর্বল শিলাখণ্ডৰ ওপৰত নিশকতীয়া আন্তঃগাঁথনিৰে চলাই থকা বৃহৎ বান্ধটোৰ নির্মাণ বন্ধ ৰখাৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে৷ কিন্তু প্রাণৰ শংকাত ভোগা ৰাইজৰ আপত্তি–প্রতিবাদলৈ কাণ নিদিলে চৰকাৰ–প্রশাসনে৷ তাৰ সলনি আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে নির্মাণ সামগ্রী সৰবৰাহৰহে পৰিকল্পনা যুগুত কৰে৷ সেই অনুসৰিয়েই অসম চৰকাৰৰ সেউজ সংকেতত নদীবান্ধ প্রকল্পটোৰ নির্মাণ সম্পূর্ণ কৰিবলৈ যুদ্ধকালীন তৎপৰতা আৰম্ভ কৰিছে৷ নগাঁৱৰ গুদামত থকা এটা ট্রেন্সফর্মাৰ আৰক্ষীৰ সহযোগত সৰবৰাহ কৰাৰ পাছত এতিয়া আন ২৫টা ট্রেন্সফর্মাৰ প্রকল্পস্থলীলৈ নিয়াৰ বাবেও সাজু হৈছে এন এইচ পি চি৷