সাংসদ প্রদ্যুৎ বিধায়ক আমিনুলৰ বিৰুদ্ধে এজাহাৰ
নিয়মীয়া বাৰ্তা, ৮ জুলাই: ক’ভিড–১৯ৰ ভয়াৱহতাৰ পৰিপ্রেক্ষিতত চৰকাৰে দেশজুৰি বলৱৎ কৰা স্বাস্থ্য বিধিক একপ্রকাৰ নস্যাৎ কৰি যোৱা ২ জুলাইত উত্তৰ–পূব ভাৰতৰ আমীৰে শ্বৰীয়ত মুফতি খাইৰুল ইছলামৰ জানাজাত জনসমুদ্রৰ সৃষ্টি হৈছিল৷ স্বাস্থ্য বিধি উলংঘা কৰি সেই জানাজাত লক্ষাধিক লোকৰ লগতে উপস্থিত থকা নগাঁও লোকসভা সমষ্টিৰ কংগ্রেছ দলৰ সাংসদ প্রদ্যুৎ বৰদলৈ আৰু মুফতিৰ পুত্র তথা ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামো উপস্থিত থকা ঘটনাই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছিল৷
মুফতি খাইৰুল ইছলামৰ জানাজাত মুখত মাস্ক নিপিন্ধাকৈ, কোনো ধৰণৰ সামাজিক দূৰত্বৰ নির্দেশনা নামানি লক্ষাধিক লোকৰ সমাগম হোৱাৰ পাছত ডিজেষ্টাৰ মেনেজমেণ্ট এক্টৰ অধীনত ২৫৯/২০২০ আৰু ২৬২/২০২০ নম্বৰত দুটা গোচৰ জুৰীয়া আৰক্ষী থানাত ৰুজু কৰা হৈছিল৷ ইপিনে, কালিও ধিং ৰাজহ চক্রৰ চক্র বিষয়া অজিত শর্মাই স্বাস্থ্য বিধি উলংঘা কৰি সিদিনাৰ জানাজাত উপস্থিত থকাৰ পৰিপ্রেক্ষিতত স্বাস্থ্য বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈ আৰু ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম আৰু তেওঁৰ পৰিয়ালৰ একাংশ সদস্যৰ লগতে কিছু ৰাজনৈতিক নেতা–কর্মীৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে৷ এই সন্দর্ভত জুৰিয়া আৰক্ষী থানাত ২৬৩/২০২০ আৰু ২৬৪/২০২০ নম্বৰৰ দুটা গোচৰ ৰুজু হৈছে৷
ইপিনে, যোৱা দুই জুলাইত মুফতি খাইৰুল ইছলামৰ জানাজাত মুখত মাস্ক নিপিন্ধাকৈ, কোনো ধৰণৰ সামাজিক দূৰত্বৰ নির্দেশনা নামানি অংশগ্রহণ কৰা লোকসকলকো ভিডি’ ফুটেজ নিৰীক্ষণ কৰি চিনাক্ত কৰাৰ কাম চলাই থকা হৈছে৷ এই লোকসকলৰ বিৰুদ্ধেও স্বাস্থ্য বিধি উলংঘা কৰাৰ অভিযোগ তুলি ডিজেষ্টাৰ মেনেজমেণ্ট এক্টৰ অধীনত গোচৰ ৰুজু কৰা হ’ব বুলি নগাঁও জিলা প্রশাসনৰ এক সূত্রৰ পৰা জানিব পৰা গৈছে৷
উল্লেখ্য যে কালি অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিং জুৰীয়াৰ দগাঁও, পৰমাইভেটি, ধিংগাঁও অঞ্চললৈ গৈ সামগ্রিক পৰিস্থিতিৰ বুজ লৈছিল৷