নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফাঁচীবজাৰ–গণেশগু মন্ত্রী ফণীভূষণ পীয়ূষৰ অতর্কিত অভিযান

নিয়মীয়া বাৰ্তা, ৮ জুলাই: গুৱাহাটীত সামাজিক সংক্রমণে ভয়ানক ৰূপ লোৱাৰ পাছতো বহু লোকে এই ভয়াৱহতা সম্পূর্ণৰূপে অৱজ্ঞা কৰি চলিছে৷ পৰিস্থিতিত লকডাউনৰ শিথিলতাৰ দ্বিতীয় দিনটোতো আজি বজাৰে–সমাৰে দেখা গ’ল একাংশ লোকৰ হেতা–ওপৰা৷ চৰকাৰী সকলো নীতি–নিয়ম ধূলিসাৎ কৰি খাদ্য–সামগ্রী ক্রয়ৰ নামত দোকানত ভিৰ কৰাই নহয় জুম বান্ধি আড্ডা দিয়াও পৰিলক্ষিত হয়৷ একমাত্র ক্রেতাই নহয়, একাংশ ক্ষুদ্র ব্যৱসায়ীয়েও সামগ্রী বিক্রীৰ নামত চূড়ান্ত হাৰত উলংঘা কৰিলে সামাজিক দূৰত্ব৷

মাস্ক, গ্ল’ভছ, নিপিন্ধাকৈয়ে বস্তু বিক্রীত নামি পৰা একাংশ ক্ষুদ্র ব্যৱসায়ীৰ এনে অতপালিত পুনৰ মহানগৰীত ক’ৰোনাৰ সংক্রমণ ভয়াৱহ হোৱাৰ সম্ভাৱনা স্পষ্ট কৰি তুলিছে৷ এনে পৰিস্থিতিৰ মাজতে আজি গণেশগুৰি আৰু ফাঁচীবজাৰত ব্যৱসায়ীসকলক চৰকাৰী নিয়ম মানি চলিবলৈ আহ্বান জনোৱাৰ বাবে ৰাজপথত নামিবলৈ বাধ্য হ’ল ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা৷ মন্ত্রীগৰাকীয়ে বাধ্য হৈ সামাজিক দূৰত্ব উলংঘা কৰি সামগ্রী বিক্রী কৰি থকা ফাঁচীবজাৰৰ একাংশ দোকান বন্ধ কৰি দিয়াৰো নির্দেশ দিয়ে৷ আজি পুৱাৰ ভাগত জিলা প্রশাসনৰ একাংশ বিষয়াক লৈ পৰিস্থিতি তদাৰক কৰিবলৈ যোৱা মন্ত্রী হাজৰিকাই ফাঁচীবজাৰত সামাজিক দূৰত্ব উলংঘা কৰি সামগ্রী ক্রয়–বিক্রয় চলি থকাক লৈ ক্ষুব্ধ হৈ পৰে৷ কেইবাখনো দোকানলৈ গৈ সৃষ্টি হোৱা এনে ভিৰক লৈ প্রশ্ণ কৰাৰ লগতে আৰক্ষীৰ হতুৱাই সামগ্রী ক্রয় কৰিবলৈ অহা লোকৰ ভিৰ ভাঙিবলৈ বাধ্য হয় মন্ত্রীগৰাকীয়ে৷ এই সময়ছোৱাতে একাংশ দোকানীয়ে অযথা ভিৰ সৃষ্টি কৰাৰ বাবে এই দোকানসমূহ বন্ধ কৰি দিয়াৰ বাবেও মন্ত্রীগৰাকীয়ে নির্দেশ দিয়ে৷ ইফালে, পৰিস্থিতিৰ সুযোগ বুজি একাংশ ব্যৱসায়ীয়ে খাদ্য–সামগ্রীৰ দাম বৃদ্ধি কৰাক লৈ শেহতীয়াকৈ উত্থাপিত অভিযোগৰ পৰিপ্রেক্ষিতত আজি যোগানমন্ত্রী ফণীভূষণ চৌধুৰীয়ে ফাঁচীবজাৰৰ বিভিন্ন গুদাম পৰিদর্শন কৰাৰ লগতে খাদ্য–সামগ্রী মজুতকৰণ সম্পর্কতো সবিশেষ তথ্য সংগ্রহ কৰে৷ মন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, প্রতিবিধ খাদ্য–সামগ্রীৰ পাইকাৰী আৰু খুচুৰা মূল্য নির্ধাৰণ কৰি দিয়া হৈছে৷ নির্ধাৰণ কৰি দিয়া মূল্যৰ অতিৰিক্ত দাম লোৱা লোকৰ বিৰুদ্ধে বিভাগে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷ আনহাতে, ৰাজ্যত পর্যাপ্ত খাদ্য–সামগ্রী মজুত থকাৰ কথাও মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷

মন কৰিবলগীয়া যে লকডাউনৰ সামান্য শিথিলতা জাৰি কৰি সাধাৰণ ৰাইজক অত্যাৱশ্যকীয় খাদ্য–সামগ্রী ক্রয় কৰাৰ বাবে প্রশাসনে গেলামালৰ দোকান খোলাৰ বাবে অনুমতি দিছে৷ কিন্তু ইয়াকে লৈ যোৱা দুটা দিনত মহানগৰীৰ ভিন্ন প্রান্তৰ দোকানসমূহত সৃষ্টি হোৱা ভিৰে প্রশাসনৰ লগতে স্বাস্থ্য বিভাগকো সমস্যাত পেলাইছে৷ পূর্বৰ পৰিৱেশলৈ গতি কৰা গুৱাহাটীত এই অৱস্থা সলনি কৰিবলৈ কেইবাঠাইতো আৰক্ষীয়ে লাঠী লৈ সাধাৰণ ৰাইজক ছত্রভংগ দিয়াবলৈ বাধ্য হয়৷

You might also like