নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৃষ্টিসুখ আৰু চৰকাৰী দায়িত্ব

   এখন কল্যাণকামী ৰাজ্যৰ চৰকাৰৰ প্রধান দায়িত্ব হ’ল জনসাধাৰণৰ নিৰাপত্তা, খাদ্য–দ্রব্য, বাসস্থান আদি সুবিধাৰ ব্যৱস্থা কৰি নাগৰিকৰ জীৱন যাপন পদ্ধতিৰ মান উন্নীত কৰা৷ স্থিতাৱস্থাৰ পৰা এক উন্নতৰ পর্যায়লৈ যোৱা পথৰ নির্মাণ সকলো চৰকাৰৰে লক্ষ্য৷ যি দলৰেই চৰকাৰ নহওক কিয়, সকলোৱে নিজ দলৰ আদর্শৰ আলোকত কথাটি বিচাৰ কৰে আৰু তেনে সর্বাংগীন মংগলদায়ক আঁচনিত পূর্বে শাসনত থকা আৰু এতিয়া বিৰোধীৰ আসনত বহু দলেও আপত্তি নকৰে৷ ক’ৰোনা আক্রান্ত এই সময়ছোৱাত চৰকাৰে নাগৰিকৰ মংগলৰ বাবে যিবোৰ আঁচনি গ্রহণ কৰিছে, তাৰ ফল কোনো বিশেষ ৰাজনৈতিক দলৰ বাবেই নহয়, সি সকলো দলৰ সমর্থকৰ বাবেই৷ কিন্তু কিছুদিনৰ আগতে এটি বিশেষ আঁচনিৰ হিতাধিকাৰীৰ নামৰ তালিকাত এটি বিশেষ ৰাজনৈতিক দলৰ কর্মীৰ নাম সন্নিবিষ্ট হোৱা বুলি বিভিন্ন মহলৰ পৰা প্রতিবাদৰ জোৱাৰ উঠিছিল৷ আৰু অসমৰ মুখ্যমন্ত্রীয়ে বিষয়টোৰ গভীৰতা উপলব্ধি কৰিছিল৷ এই প্রসংগ উত্থাপনৰ কাৰণ হ’ল নাগৰিকৰ মংগলৰ বাবে চৰকাৰে গ্রহণ কৰা আঁচনিক সফল কৰি তুলিবলৈ সকলো পক্ষই চৰকাৰৰ লগত সহযোগ কৰা উচিত৷ ক’ৰোনাত বিধ্বস্ত হৈ পৰা আমাৰ ৰাজ্যখনৰ বর্তমানৰ অৱস্থা চম্ভালি থকাটোৱেই এটা জটিল প্রত্যাহ্বান আৰু চৰকাৰে তাৰ বাবে সকলো শক্তি আৰু সামর্থ্য বিনিয়োগ কৰিছে৷ কিন্তু তাৰ লগে লগে বিধ্বস্ত হৈ পৰা আর্থ–সামাজিক জীৱনটোক কেনেদৰে সজীৱ কৰি তোলা হ’ব, সেই বিষয়েও চৰকাৰে বিভিন্ন আঁচনি প্রস্তুত কৰিছে৷ সমাজৰ বিভিন্ন স্তৰৰ লোকে নিজৰ অভিজ্ঞতা আৰু চিন্তাৰে এই দিশত মত প্রকাশ কৰি চিন্তাৰ জগতত এচাটি নতুন বতাহ বোৱাই দিয়াৰ প্রয়োজন আছিল৷ কিন্তু এই দিশত বিশেষ চিন্তা–চর্চা কৰা দৃষ্টিগোচৰ হোৱা নাই৷

ক’ৰোনাই মানুহৰ মনৰ জগতখনলৈ অনা কিছু পৰিৱর্তনৰ কেইটিমান হ’ল – বজাৰৰ প্রতি আকর্ষণ হ্রাস, সাংস্কৃতিক সম্পদৰ প্রতি আগ্রহ, চিন্তাৰ খোৰাক আৰু আকাশলৈ চোৱাৰ হেঁপাহ৷ এই কথাবোৰ মূলতঃ মনৰ জগতৰ স’তে জড়িত আৰু তাৰ আবয়বিক ৰূপবোৰ কল্পনা কৰাটো সকলোৰে সামর্থ্যৰ ভিতৰত নহয়৷ কিন্তু এখন কল্যাণকামী ৰাজ্যৰ চৰকাৰে নাগৰিকৰ মনৰ দিশটোৰ উন্নতি আৰু পৰিপুষ্টিৰ কথা ভাবিব লাগিবই৷ বিশেষকৈ ক’ৰোনা আতংকই শাম কটাৰ পাছত, মানুহবোৰ কর্মক্ষেত্রলৈ যাবলৈ আৰম্ভ কৰাৰ পৰাই এই দিশটোত অধিক মনোযোগ দিয়াটো উচিত হ’ব৷ ঘৰৰ ভিতৰত ইমান দিনে বন্দী হৈ থকা নাগৰিকে বাহিৰলৈ ওলাই আহি আকাশলৈ চকু দিলেই দেখিব– চৌদিশে কেৱল বিজ্ঞাপন৷ এয়া নগৰৰ কথা৷ নগৰৰ আকাশৰ সকলো ঠাইকে চৰকাৰে বিজ্ঞাপন কোম্পানীক বিক্রী কৰি দিছে, যিখিনি বিক্রী কৰা নাই, সেইখিনি কোম্পানীবোৰে দখল কৰি লৈছে– আৰু ৰাইজৰ চকুৰ সন্মুখত মেলি দিছে এখন বিচিত্র বজাৰ৷ কিন্তু ক’ৰোনাই গৃহবন্দী কৰি ৰখা মানুহবোৰৰ অধিকাংশৰ মনৰ পৰাই বজাৰৰ প্রলোভন আঁতৰি গৈছে আৰু নূ্যনতম পৰিমাণৰ বস্তুৰ প্রতি আকর্ষণ বাঢ়িছে৷ চৰকাৰৰ প্রয়োজন আছিল, নাগৰিকৰ এই মানসিক পৰিৱর্তনৰ স’তে খাপ খোৱাকৈ ৰাজহুৱা পৰিৱেশৰ কথা চিন্তা কৰিব লাগিছিল৷ এটা সমীক্ষা মতে এখনৰ চহৰৰ আকাশত আৰু ৰাস্তাৰ দাঁতিত লাগি থকা বিজ্ঞাপনৰ বিভিন্ন হোর্ডিংবোৰ আঁতৰাই দিলেই চহৰখন পঞ্চাশ শতাংশ পৰিষ্কাৰ হৈ পৰে৷ চহৰৰ এই পৰিষ্কাৰ ৰূপটোৱে নাগৰিকসকলৰ মনতো প্রভাৱ পেলাব৷ বস্তু বিক্রীৰ বাবে আবেদন কৰা আৰু চকুত পীড়া দিয়া এই বিজ্ঞাপনবোৰে নাগৰিকৰ মনত যে খুব গোপনে প্রভাৱ পেলাই আহে সেই কথা উপলব্ধিৰ বাবে মনোবিজ্ঞানী হোৱাৰ প্রয়োজন নাই৷ অৱশ্যে এইটো ঠিক যে দীর্ঘদিনৰ পৰা চলি অহা এই বিজ্ঞাপনৰ ব্যৱস্থাটো হঠাতেই শেষ কৰি দিব নোৱাৰি৷

ইয়াৰ বাবে প্রয়োজন হ’ব দীঘলীয়া প্রস্তুতিৰ৷ কিন্তু অবৈধভাৱে আঁৰি দিয়া বিজ্ঞাপনবোৰ আঁতৰাবৰ বাবে প্রয়োজন হয় মাত্র কেইটামান ঘণ্টাৰ৷ নাগৰিকৰ মানসিক স্বাস্থ্যৰ বাবে চৰকাৰে বিশেষ কার্যপ্রণালী প্রস্তুত কৰা চকুত নপৰে৷ ক’ৰোনা উত্তৰ কালত এই বিজ্ঞাপন আঁতৰোৱা কামটিৰেই নাগৰিকৰ মানসিক স্বাস্থ্যৰ শ্রীবৃদ্ধি পৰিকল্পনা কৰা কামটোৰ আৰম্ভণি হ’ব পাৰে৷

You might also like