নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিত আৱির্ভাৱ এগৰাকী স্বয়ম্ভু দেৱীৰ

নিয়মীয়া বাৰ্তা, ৮ জুলাই: চিকিৎসা বিজ্ঞানক প্রত্যাহ্বান জনাই বিভিন্ন দুৰাৰোগ্য ৰোগীক সুস্থ কৰাৰ দাবীৰে ওদালগুৰিৰ ভৈৰৱকুণ্ড আৰক্ষী চকীৰ অন্তর্গত ১নং বটাবাৰী চড়কতোলাত আৱির্ভাৱ হৈছে এগৰাকী স্বয়ম্ভু দেৱীৰ৷ ১৬ বছৰীয়া এগৰাকী যুৱতীৰ অদ্ভুত চিকিৎসা পদ্ধতিৰ দ্বাৰা বহু দুৰাৰোগ্য ৰোগীয়ে আৰোগ্য লাভ কৰা বুলি এতিয়া গাঁওখনত দৈনিক শ শ ৰোগীৰ ভিৰ আৰম্ভ হৈছে৷ মানসিক বিকাৰগ্রস্ত ৰোগীৰ পৰা আৰম্ভ কৰি বিভিন্ন দুৰাৰোগ্য ৰোগীয়ে দৈনিক ভিৰ কৰিছে গাঁওখনত৷ চিকিৎসালয়ৰ সলনি স্বয়ম্ভু দেৱীৰ ওচৰলৈ গৈ আৰোগ্য লাভৰ আশাত বন্দী হৈছে ওদালগুৰি জিলাৰ লগতে চুবুৰীয়া জিলাসমূহৰ শ শ দুৰাৰোগ্য ৰোগী৷

ইপিনে, ক’ৰোনাৰ এই মহামাৰীৰ সময়ছোৱাতো সামাজিক দূৰত্ব আৰু চৰকাৰী নীতি–নির্দেশনাক বুঢ়া আঙুলি দেখুৱাই পুৱাৰ পৰা সন্ধিয়ালৈকে গাঁওখনত বিভিন্ন ৰোগী তথা শ শ মানুহৰ সমাগম দেখি শংকিত হৈ পৰিছে স্থানীয় সচেতন লোকসকল৷ উল্লেখ্য যে দেশজুৰি চলা লকডাউনৰ মাজতেই ওদালগুৰি জিলাৰ পূব নেপালপাৰা নিকটৱর্তী ১নং বটাবাৰী চডকতোলা নামৰ উক্ত গাঁৱত আৱির্ভাৱ হৈছিল নিজকে ঐশ্বৰিক শক্তিসম্পন্ন যুৱতী বুলি দাবী কৰা এগৰাকী স্বয়ম্ভু দেৱীৰ৷ ১৬ বছৰীয়া স্বয়ম্ভু দেৱীগৰাকীয়ে দাবী কৰা মতে, লকডাউনৰ সময়তে এক বিশেষ বিমানত উঠাই আকাশত গড–ঈশ্বৰ আৰু মচিহাৰ সভাত ভগৱানে তেওঁক লৈ গৈছিল৷ সেই ঠাইতেই পৃথিৱীৰ দুৰাৰোগ্য ৰোগীক সুস্থ কৰি তোলাৰ শক্তি প্রদান কৰিছে মাইনা কিস্কু নামৰ এইগৰাকী যুৱতীক৷ সেয়েহে ঘৰতেই হিন্দু দেৱ–দেৱীৰ লগতে প্রভু যীশুৰ মূর্তি আৰু ফটো ৰাখি দৈনিক পূজা–র্চনাৰ লগতে তেওঁক ঈশ্বৰে প্রদান কৰা শক্তিৰ দ্বাৰা দৈনিক শ শ ৰোগীক চিকিৎসা প্রদান কৰি আহিছে৷

যুৱতীগৰাকীৰ এই অন্ধবিশ্বাস আৰু মানসিক ভাৰসাম্যহীন কথাত ভোল গৈ সঁচাই যুৱকীগৰাকীক দেৱী সজালে পৰিয়ালৰ লগতে স্থানীয় লোকে৷ লগতে আৰম্ভ কৰিলে দুৰাৰোগ্য ৰোগীক সুস্থ কৰি তোলাৰ এক অপপ্রচাৰ৷ তাৰ পিছতেই গাঁওখনত আৰম্ভ হৈছে মানুহৰ সোঁত৷ টিকট ক্রয় কৰিহে দেৱীৰ দর্শন আৰু চিকিৎসা সেৱা লাভ কৰাৰ নিয়মো বান্ধি দিছে গাঁওবাসীয়ে৷ একবিংশ শতিকাৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জয়যাত্রাৰ সময়তো এনে অন্ধবিশ্বাসৰ বলি হৈ শ শ লোকে ভিৰ কৰা দৃশ্য প্রত্যক্ষ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল যদিও কেৱল সামাজিক দূৰত্ব মানি ৰোগীক চিকিৎসা প্রদান কৰিবলৈ আহ্বান জনাই উভতি যোৱাত সচেতন লোকৰ মাজত এক প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷

You might also like