নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত এম জি এনৰেগা আচঁনিৰ ৰূপায়নত দুৰ্নীতি

নিয়মীয়া বাৰ্তা, ৮ জুলাইঃ ক’ৰোনা আতংক আৰু লকডাউনৰ মাজতে হাতত কোৰ লৈ এজাক পুৰুষ মহিলা। জোনাই মহকুমা সদৰৰ পৰা মাত্ৰ ৩০০ মিটাৰ আতৰত থকা এখন অঞ্চলৰ ৰাইজে আজিও বোকাপানী মাজেৰে যাতায়ত কৰিবলগা অৱস্থাই মহকুমাটোৰ উন্নয়নৰ ফোপোলাস্বৰূপ উদঙাই দিছে৷ যাৰ বাবে যোৱা কালি এছ দলেৰ পৰা সপ্তাসিক বজাৰ সংযোগী পথত চুতীয়া পাৰা অঞ্চলৰ পুৰুষ মহিলা সকলে দেখুৱালে এক ব্যতিক্ৰমী পদক্ষেপ। তেওঁলোকে গাঠিৰ ধন ভাঙি কেচা ঘাম মাতিত পেলাই নিৰ্মাণ কৰিছে পথ ।

বাৰিষাৰ ফলত অঞ্চলটোৰ ৰাইজ আৰু স্কুলীয়া ছাত্র ছাত্ৰীৰ অহা যোৱা লগতে ৰাস্তাটো অৱস্থা শোচনীয় বাবে বাধ্য হৈ ওলাই আহিল তেওঁলোক । বহুতো আবেদন নিবেদন কৰিও চৰকাৰ, পঞ্চায়তৰ কোনো আঁচনিৰ ঢুকি নপোৱাত হাতত কোৰ লৈ আগবাঢ়ি আহিল তেওঁলোক । সোনোৱাল চৰকাৰৰ উন্নয়নে ঢুকি নোপোৱা এইবোৰ অঞ্চল সময়ত পৰিলক্ষিত। এনেদৰে আগবাঢ়ি অহাত অঞ্চলবাসীয়ে তেওঁলোকক প্ৰশংসনীয় পদক্ষেপক সকলোৱে আদৰণি জনাইছে

উল্লেখযোগ্য যে চুতীয়া পাৰা অঞ্চলৰ এছ দলেৰ পৰা সপ্তাসিক বজাৰ সংযোগী পথটো ২০১৭-১৮ বৰ্ষত নৱেম্বৰ মাহত MGNREGA আচঁনিৰ ৫ লাখ টকাৰ কাম আৰম্ভ কৰি প্ৰায় ২০-২৫ ট্ৰেক্টৰ পেলাই পথ নিৰ্মাণৰ কাম আধৰুৱা কৰি আচঁনিৰ সিংহ ভাগ ধন আত্মসাৎ কৰে ঠিকাদাৰে ৷ যাৰ ফলত জোনাই চহৰৰ মাজমজিয়াতে অতি কষ্টৰে বোকা পানী গছকি স্কুল কলেজ, চিকিৎসা , আৰু বজাৰ কৰিবলৈ ওলাই যাব লগা হয় চুতীয়াপাৰা অঞ্চলৰ ৰাইজে৷

You might also like