নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণিগুদামত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

নিয়মীয়া বাৰ্তা, ৮ জুলাইঃ ক’ৰোণা ভাইৰাচৰ আতংকময় পৰিস্থিতিৰ মাজতো নগাঁও জিলাৰ বিভিন্ন অঞ্চলত নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলিথকাৰ সময়তে চামগুৰি আৰক্ষী থানাৰ অধীনৰ পুৰণিগুদাম আৰক্ষী চকীৰ আৰক্ষীয়ে যোৱাকালি দিনৰ পৰা নিশা পৰ্যন্ত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই বহু পৰিমান নিচাযুক্ত দ্ৰব্যৰ সহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ নেতৃত্বত এটা আৰক্ষী দলে এক গোপন সুত্ৰৰ পম খেদি পুৰণিগুদাম ন’আলিমুৰকে ধৰি বিভিন্ন অঞ্চলত অভিযান চলায় প্ৰায় তিনি শতাধিক নিচাযুক্ত ক’ফ চিৰাপৰ বটল সহ পুৰণিগুদাম ন’আলিমুৰৰ আল্লাউদ্দিন আৰু নগাঁৱৰ মধুপুৰৰ ৰফিকুল ইছলাম নাম দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ।আনহাতে আৰক্ষীয়ে জব্দ কৰা নিচাযুক্ত বটল সমূহৰ মূল্য আনুমানিক পঞ্চাশ হাজাৰ টকা হ’ব পাৰে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসাধু চক্ৰটোয়ে নগাঁৱৰ বিভিন্ন স্থানত সক্ৰিয় হৈ নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰি থকাৰ তথ্য পুৰণিগুদাম আৰক্ষীয়ে এক গোপন সুত্ৰৰ পৰা জানিব পাৰি অভিযান অব্যাহত ৰাখিছিল বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ।আনহাতে আৰক্ষীয়ে যোৱা নিশা আটক কৰা অসাধু ব্যৱসায়ী দুজনক আজি আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে

You might also like