দুলীয়াজানত কিশোৰী ধৰ্ষণৰ অপচেষ্টা চলোৱা যুৱকক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৮ জুলাই: যোৱা ৬ জুনৰ দিনা দুলীয়াজানৰ উপকন্ঠ অঞ্চলৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰিবলৈ অপচেষ্টা চলোৱা এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সম্প্ৰতি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । জানিব পৰামতে ২ নং ম’হমাৰী গাওঁৰ যুৱক গণেশ বৰা(২৯)ই সন্ধিয়াৰ সুযোগ গ্ৰহণ কৰি পদপথতে অকলশৰীয়া অৱস্হাত কাষৰীয়া গাওঁৰ ১৫ বছৰীয়া কিশোৰীগৰাকীক ধৰ্ষণৰ চেষ্টা চলাই ।
কিশোৰীগৰাকীয়ে ভয়ত বিতত হৈ লম্পটটোৰ পৰা হাত সাৰিবলৈ প্ৰাণপণে চেষ্টা চলাই যদিও কিশোৰী গৰাকীৰ বাওঁভৰিত আঘাত হানে যুৱকজনে । কিশোৰী গৰাকীয়ে চিৎকাৰ কৰাত সৌভাগ্যক্ৰমে স্হানীয় ব্যক্তিয়ে ঘটনাতো প্ৰত্যক্ষ কৰি কিশোৰীগৰাকীক লম্পটোৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পাছত অইল ইণ্ডিয়াৰ হাস্পতালত কিশোৰী গৰাকীক চিকিৎসাৰ ব্যৱস্হা কৰা হয় ।
ঘটনাৰ সন্দৰ্ভত লম্পটোৰ বিৰুদ্ধে কিশোৰীৰ পৰিয়ালৰ লগতে বৃহত্তৰ অসমীয়া নাৰী মঞ্চ ডিব্ৰুগড় জিলা আৰু সদৌ অসম আদিবাসী ছাত্র সন্হা দুলীয়াজান আঞ্চলিকে পৃথকে দুলীয়াজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ২৮২/২০২০ নম্বৰ অধীনত গোচৰ ৰুজু কৰি আজি পুৱাভাগত ধৃত লম্পতটোক ৰঙাঘৰলৈ প্ৰেৰণ কৰে ।