আগন্তক ৭২ ঘণ্টাত বৰষুণৰ সম্ভাৱনা জোনাই মহকুমা প্ৰশাসনৰ সতৰ্কবাণী
নিয়মীয়া বাৰ্তা, ৮ জুলাই: ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী অনুসৰি আগন্তক ৭২ ঘণ্টাত ৰাজ্যৰ আন আন জিলাৰ লগতে জোনাইতো ব্যাপক বৰষুণ দিয়াৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰতি লক্ষ ৰাখি জোনাই মহকুমা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ সতৰ্কবাণী।
জোনাই ৰাজহ চক্ৰ বিষয়াই জাৰি কৰা সতৰ্কবাণীত এই সময়ছোৱাত নদীত মাছ ধৰা কাৰ্য্যৰ পৰা বিৰত থকাৰ লগতে হাত নাঁও ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। তদুপৰি শিশু সকলক পুখুৰীত গা ধোৱা, হাতোৰা আদি কাৰ্য্যৰ পৰা বিৰত ৰখাৰ উপৰি নিজ পশুপক্ষী ওখ ঠাইত ৰখাৰ ব্যৱস্থা, ঘৰৰ ভিতৰত সহজতে পোৱাকৈ টৰ্চ লাইট, জুই শলা, খোৱা পানী আদি পৰ্যাপ্ত পৰিমাণে মজুত ৰখা, অত্যন্ত জৰুৰী নহলে কোনো কাৰণতে বাঢ়নী পানী, নদী, ঘাট পাৰ হ’বলৈ চেষ্টা নকৰিবলৈ আহ্বান জনাইছে। সেইদৰে ৰাতি কোনো কাৰণতে পানীলৈ নাযাবলৈকো কোৱা হৈছে নিৰ্দেশনাটোত। কোনো ৰোগী ঘৰত থাকিলে ডাক্তৰ, নাৰ্ছ, আশাকৰ্মী লগত যোগাযোগ কৰক যাতে ৰাতি চিকিৎসা লয়লৈ অহা যোৱা কৰিবলগীয়া নহয়।
আনহাতে যিকোনো ধৰণৰ বানপানী সম্পৰ্কীয় ঘটনাৰ বাবে তৎক্ষণিকভাৱে গাওঁ বুঢ়া ৱাৰ্ড মেম্বাৰ, পঞ্চায়ত, সভাপতি, লাট মণ্ডল, পুলিচৰ লগত যোগাযোগ কৰক, আৰু বানপানী সম্পৰ্কীয় জৰুৰী খবৰৰ বাবে জিলা হেল্পলাইন নম্বৰ -১০৭৭/ ৭৫৭৭০৩৫৬৩৯(WhatsApp) নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।