জোনাইত আৰভিচি,চেভ দা চিলড্ৰেনৰ উদ্যোগত নকিয়াৰ ১১২ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ বিশ্বব্যাপি আতংক সৃষ্টি কৰা ক’ৰোণা ভাইৰাছৰ প্ৰতিৰোধৰ
বাবে চৰকাৰে গ্ৰহণ কৰা লক ডাউন প্ৰভাৱত জুৰুলা হোৱা দুখীয়া পৰিয়ালৰ মাজত আজি তেলাম কৰৈবাৰীত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।
স্বেচ্ছাসেৱী অনুষ্ঠান আৰভিচি, চেভ দা চিলড্ৰেনৰ উদ্যোগত আৰু নকিয়াৰ অৰ্থ সাহাৰ্য্যত মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত তেলাম গাওঁ পঞ্চায়তৰ কৰৈবাৰী নেপালী শিৱমন্দিৰত অঞ্চলৰ চাৰিখন গাঁৱৰ ১১২ টা পৰিয়ালৰ মাজত বিতৰণ কৰা হয় খাদ্য সামগ্ৰী। ১ নং কৰৈবাৰীৰ ৪০ টা, ২ নং কৰৈবাৰীৰ ২১ টা,
কৰৈবাৰী ৩ নং মাজগাঁৱৰ ১৯ টা আৰু কৰৈবাৰী নেপালী গাঁৱৰ ৩২ টা পৰিয়ালৰ মাজত বিতৰণ কৰা অনুষ্ঠানত আৰভিচিৰ সঞ্চালক লুইত গোস্বামীয়ে ক’ভিড-১৯ ৰ পৰা বাচি থাকিবলৈ ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে লবলগা সাৱধানতা ওপৰত চমু বক্তব্য দাঙি ধৰি লক ডাউনৰ প্ৰভাৱত আৰ্থিকভাৱে জুৰুলা হৈ খাদ্য সংকটত পৰা দুখীয়া পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যি সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান আৰভিচিয়ে লৈ অহা ভূমিকা সম্পৰ্কে আলোচনা আগবঢ়ায়।
স্বেচ্ছাসেৱী অনুষ্ঠানটোয়ে ২৫ কেজি চাউল, ৰহৰ দাইল ১ কেজি, মগু দাইল ১ কেজি, সৰিয়হ তেল ২ লিটাৰ, নিমখ ১ কেজি, চেনি ২ কেজি, ধুনীয়া গুড়ি ১০০ গ্ৰাম, হালধি গুড়ি ২০০ গ্ৰাম, জলকীয়া গুড়ি ২০০ গ্ৰাম, পিয়াঁজ ৩ কেজি, আলু ৫ কেজিকৈ প্ৰতিটো পৰিয়ালক বিতৰণ কৰে । আৰভিচিৰ সম্পাদক ধৰ্মৰাজ কাৰ্কীয়ে পৰিচালনা কৰা সামগ্ৰী বিতৰণী কাৰ্যসূচীত আৰভিচিৰ গাণনিক কৃঞ্চ ছেত্ৰী, ব্যৱস্থাপক ব্ৰজ্ব দেউৰী, ক্ষেত্ৰ সমন্বয়ক বৃন্দাবন বৰুৱা, খণ্ড সমন্বয়ক গডউইন হেমব্ৰম উপস্থিত থাকে।