জোনাইত বানসাহায্যৰ নামত খাদ্য সামগ্ৰী আৰু পচা ত্ৰিপাল বিতৰণক লৈ বানপীড়িত ৰাইজৰ ক্ষোভ
নিয়মীয়া বাৰ্তা, ৯ জুলাই:: ধেমাজি জিলা জোনাই মহকুমাত চিয়াং লালী আৰু ব্ৰহ্মপুত্ৰ নৈৰ বানত বিগত এমাহ ধৰি দুৰ্ভোগ ভুগি আহিছে প্ৰায় দুই শহস্ৰাধিক লোক ৷ চিয়াং লালী আৰু ব্ৰহ্মপুত্ৰৰ বৰ্ধিত জলস্তৰে বুৰাই পেলাইছে জোনাইৰ মহকুমাৰ বিস্তীৰ্ণ অঞ্চল ৷
ইতিমধ্যে চিয়াং লালী আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত জোনাই মহকুমাৰ প্ৰায় অৰ্ধশতাধিক মানুহৰ ঘৰ, শ শ হেক্টৰ কৃষিভূমি বুৰ গৈছে ৷ উপায়ন্তৰ বানাক্ৰান্তই সম্প্ৰতি ওখ ভেটি বিচাৰি কটাবলগীয়া হৈছে দিন ৷ ইয়াৰ লগতে পশুধনৰ খাদ্যৰ অভাৱে বানাক্ৰান্ত লোসকলৰ মাজত সৃষ্টি কৰিছে এক হাহাকৰ পৰিস্থিতিৰ ৷ বন্যাৰ্ত সকলে জানিবলৈ দিয়া অনুসৰি, এই পৰ্যন্ত তেওঁলোকক উদ্ধাৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থাও লোৱা নাই জোনাই মহকুমা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ৷ যাৰ বাবে এতিয়া টুলুঙা নাৱতে ভাৰসা কৰি বন্যাৰ্তসকলে মোকাবিলা কৰিছে বান পৰিস্থিতিৰে সৈতে ৷
বান সাহাৰ্য নামত জোনাই মহকুমা প্ৰশাসনে ব্যাপক অনিয়ম আৰু দুৰ্নীতি কৰা বুলি অভিযোগ কৰিছে বানাক্ৰান্ত ৰাইজে৷ বানপীড়িতক যোগান দিছে পচা তিৰ্পাল ৷ এজাক বৰষুণজাকতে ফাটি যায় প্ৰশাসনে যোগান ধৰা তিৰ্পাল৷ সাংবাদিকৰ সন্মুখতে প্ৰশাসনে দিয়া তিৰ্পাল ফালি দেখুৱাই বৰ্নাত্যই ৷ যোগান দিয়া নাই পৰ্যাপ্ত খাদ্য সামগ্ৰী ক্ষোভিত বানাক্ৰান্ত ৰাইজ৷ পশুধনৰ বাবে আজি পৰ্যন্ত নাই কোনো পশু খাদ্য৷ বানৰ নামত অহা কোটি কোটি টকা মহকুমা প্ৰশাসনে যোগনীয়াৰ সৈতে মিলি সিংহ ভাগ আত্মসাৎ কৰাৰ আভিযোগ কৰিছে ৰাইজে৷ প্ৰায় এমাহ ধৰি জলমগ্ন হৈ থকা বৰ্নাত্যৰ মাজত চাৰিঘৰত এখন তিৰ্পাল , এজন বৰ্নাত্য প্ৰতি ডেৰ কেজি চাউল , এটা পৰিয়াল দাইল এক কেজি, নিমখ আধাকেজিকৈ এমাহত দুবাৰকৈ যোগান দিছে জোনাই মহকুমা প্ৰশাসনে ৷ যোগান দিয়া নাই শিশু খাদ্য, নাই বিশুদ্ধ খোৱা পানী, নাই পশুধন ৷ যাৰ ফলত এনে পচা তিৰ্পাল আৰু এমুঠি খাদ্য সামগ্ৰী যোগান দি দায়িত্ব সমৰা বুলি বানাক্ৰান্ত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷ লগতে ক্ষোভিত বানাক্ৰান্ত ৰাইজে কয় জোনাইৰ বিধায়ক ভূৱন পেগু , সাংসদ প্ৰদান বৰুৱা আৰু জনপ্ৰতিনিধি সকলে অকল নিৰ্বাচনৰ সময়ত ভোটৰ কাৰনে আহে আৰু ৰাইজে ভোট সাব্যস্ত কৰাৰ পিছত বানবিধ্বস্ত অঞ্চলসমূহ পাহৰি যায বুলিও ক্ষোভ প্ৰকাশ কৰে সাংবাদিকৰ ওচৰত৷
আনহাতে ধেমাজি জিলাৰ একমাত্ৰ পবা বনাঞ্চলৰ জীৱ-জন্তুৰ মাজলৈয়ো সম্প্ৰতি শংকা নমাই আনিছে বানে ৷ বাহিৰজোনাই লোহিজান পঞ্চায়তৰ প্ৰায় ৫০ খনৰো অধিক নৈ পৰীয়া গাঁও জলমগ্ন হৈ পৰাত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে৷ স্থানীয় লোকৰ মতে বৰ্তমানলৈকে বন্যাৰ্তসকলৰ বাবে এটা চৰকাৰী সাহাৰ্য শিৱিৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বানাক্ৰান্ত ৰাইজৰ নিজ ঘৰ সম্পত্তি, পশুধন সমূহ এৰি থৈ আহাত অসুবিধা ৷ সেয়ে বৰ্নাত্যসকলক প্ৰশাসনে মথাউৰি ওপৰত বা ওখ ঠাইত চাংপাতি থাকি নিজৰ ঘৰৰ সম্পত্তি, পশুধন সমূহ চোৱাচিতা কৰিবলৈ সুবিধাৰ্থে উন্নত মানৰ তিৰ্পাল , উপযুক্ত খাদ্য সামগ্ৰী , বিশুদ্ধ খোৱা পানী, পশুখাদ্য যোগান ধৰিবলৈ দাবী বানাক্ৰান্ত ৰাইজে ৷
উল্লেখ্য যে, চিয়াং- লালী নদীখন বেৰাচাপৰিৰ ২ নং টাৰি হৈ লোহিজান ৰোহিত পুৰ দেউৰী গাঁৱহৈ হৈ সুতি সলাই বৈ আছে ৷কিন্তু ইমানৰ পিছতো মুখ্যমন্ত্ৰী সোনোৱাল চৰকাৰখনে বান খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবনে বুলি অভিযোগ উত্থাপন হৈছে ৷