নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সম্পন্ন

নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ উজনি অসমৰ উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত যোৱা ২৮ ৰ পৰা ৩০ জুন, ২০২০ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে ‘Mathematical Modelling in Applied Sciences’ শীৰ্ষক এখনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সম্পন্ন হৈ যায়।

দেশ- বিদেশৰ ১৩০ জনৰো অধিক গৱেষকে গৱেষণা পত্ৰ পাঠ কৰা আলোচনা চক্ৰখনত আলোচক হিচাপে অংশগ্ৰহণ কৰে মেক্সিক’ৰ টিজুৱানা ইনষ্টিটিউট অৱ টেকন’ল’জিৰ অধ্যাপক অস্কাৰ কাষ্টিল্ল’, দক্ষিণ আফ্ৰিকাৰ ষ্টেলেনব’ছ বিশ্ববিদ্যালয়ৰ অধ্যাপক অ’ ডি মাকিণ্ডে, কাৰ্ডিফ বিশ্ববিদ্যালয়ৰ গৱেষণা সহযোগী ড° মঞ্জিল পি শইকীয়া, হালদিয়া ইনষ্টিটিউট অৱ টেকন’ল’জিৰ অধ্যাপক দীপক কুমাৰ জানা, কুৱাজুলু নাটাল বিশ্ববিদ্যালয়ৰ ড° হিৰন্ময় মণ্ডল, ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’ল’জি, গুৱাহাটীৰ অধ্যাপক নাটেশান শ্ৰীনিবাসন, বিদ্যাসাগৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক মধুমংগল পল, ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’ল’জি, খড়গপুৰৰ অধ্যাপক জি পি ৰাজাশেখৰ, বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অধ্যাপক এইচ এচ ৰামানে আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক তাজিদ আলি আৰু অধ্যাপক সুৰজিৎ বৰকটকীয়ে।

অনলাইনযোগে অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনিৰ ৩০ জুনৰ সামৰণি অনুষ্ঠানত আহ্বায়ক তথা বিভাগীয় মুৰব্বী ড° অংকুৰ ভৰালী আৰু সমন্বয়কদ্বয় ড° পলাশ দত্ত আৰু ড° দেৱাশীষ দে’ই সফল সামৰণিৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

You might also like