দুলীয়াজানত দুজন ক’ভিড পজিটিভ
নিয়মীয়া বাৰ্তা, ৯ জুলাই : দুলীয়াজানত পুনৰ দুজনৰ শৰীৰত ক’ভিড পজিটিভ চিনাক্ত কৰা হৈছে । ইয়াৰে মালতি ডেকা (৫০) নামৰ নাহৰকটীয়া পানীবুৰা গাওঁৰ মহিলা গৰাকীয়ে দুলীয়াজান ডিৰিয়েল তিনিআলিৰ জোৱাঁয়েকৰ গৃহত বিগত এসপ্তাহে থাকি অসম মেডিকেল কলেজ হাস্পতালত দুৰাৰোগ্য জনিত ৰোগৰ চিকিৎসা গ্ৰহণ কৰি আছিল ।
আনহাতে আনগৰাকী ক’ভিড পজিটিভ দুটি সন্তানৰ মাতৃ ভিনোথা ৰাজু (৩০) যোৱা ৩ জুলাই দিনা বিমানযোগে ৰাজস্থানৰ পৰা টিপলিং তিনিআলিলৈ আহিছিল । নিজৰ ভাড়াতীয়া কোঠাতে মহিলা গৰাকী বিগত দিন ধৰি কোৱাৰেন্টাইন হৈ আছিল ।
বৰ্তমান দুই ক’ভিড পজিটিভ মহিলাক টেঙাখাট খণ্ডৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্হ্যকৰ্মীয়ে ১০৮ ৰ যোগেদি ডিব্ৰুগড়লৈ প্ৰেৰণ কৰাৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যসকলৰ স্বাস্হ্য পৰীক্ষা কৰা হৈছে । ইফালে প্ৰশাসনে অঞ্চল দুটাৰ নিজ নিজ এলেকাত কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে ।