নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল গগৈক চিকিৎসা প্ৰদান আৰু মুক্তিৰ দাবীত জালুগুটি আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মানৱ শৃংখল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ অখিল গগৈৰ লগতে বহুকেইজন কা বিৰোধী নেতাক সীৰ্ঘেই বিনা চৰ্তে মুক্তিৰ কৰি দিয়াৰ লগতে কৰো’নাত আক্ৰান্ত নেতা কেইজনক উন্নত চিকিৎসা কৰাৰ দাবীত আজি মৰিগাঁও জিলাৰ জালুগুটি আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কেইবাজনো কৰ্মীয়ে সামাজিক দুৰত্ব বজাই ৰাখি গনতান্ত্ৰিক ভাৱে মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে|

বিশেষকৈ কৃষক নেতা অখিল গগৈ কৰোনাত আক্ৰান্ত হোৱাত তেখেতক যাতে উন্নত মানৰ চিকিৎসা প্ৰদান কৰে তাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনাই| হিমন্ত বিশ্ব হায়-হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল গো বেক আদি শ্লোগানৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে | এই কাৰ্যসূচীত জালুগুটি আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি চাইফুদ্দিন আহমেদ লগতে জিলাৰ কেইবাগৰাকীও নেতা কৰ্মী আৰু সম্পাদক দেৱজিৎ পাটৰ উপস্থিত থাকে ।

You might also like