ইণ্ডিয়ান প্রিমিয়াৰ লীগ আয়োজনৰ ইচ্ছুক নহয় নিউজিলেণ্ড
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো আয়োজন কৰিবলৈ ইচ্ছুক নহয় নিউজিলেণ্ড৷ নিউজিলেণ্ড ক্রিকেট ব’ডৰ মুখপাত্র ৰিচার্ড বুকে এইকথা সদৰী কৰিছে৷
ৰেডি’ নিউজিলেণ্ডৰে হোৱা এক বার্তালাপত নিউজিলেণ্ড ক্রিকেট ব’ডৰ মুখপাত্রগৰাকীয়ে কয় যে ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ভাৰতত আইপিএলখন আয়োজনক লৈ অনিশ্চয়তা আহি পৰিছে যদিও বিচিচিআইৰ ঐশ্বর্যশালী প্রতিযোগিতাখন নিউজিলেণ্ডত আয়োজন কৰাৰ বাবে আমি আগ্রহী নহয়৷ নিউজিলেণ্ড ক্রিকেট ব’র্ডে এতিয়ালৈকে প্রতিযোগিতাখন আয়োজন কৰিম বুলিও কোনো ধৰণৰ প্রস্তাৱো বিচিচিআইৰ ওচৰত দাঙি ধৰা নাই আৰু বিচিচিআয়ো আমাক কোনোধৰণৰ প্রস্তাৱো আগবঢ়োৱা নাই৷ আইপিএলখন আয়োজন কৰিবলৈ নিউজিলেণ্ড আগ্রহী বুলি ওলোৱা বাতৰিটো এক উৰাবাতৰিহে মাথোঁ বুলি উল্লেখ কৰে মুখপাত্রগৰাকীয়ে৷
উল্লেখ্য যে ক’ৰোনাৰ আতংক দেশখনত দিনক দিনে বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত বিচিচিআয়ে আইপিএলখন অনির্দিষ্ট কাললৈ পিছুৱাই দিছে৷ যদি ভাৰতত ক’ৰোনাৰ আতংক হ্রাস নাপায়, তেতিয়াহ’লে ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটো বিদেশত আয়োজন হোৱাৰ পূর্ণ সম্ভাৱনা আছে আৰু এই প্রতিযোগিতাখন অনুষ্ঠিত কৰাৰ দৌৰৰ আগস্থানত আছে ক্রমে সংযুক্ত আৰব আমিৰশ্বাহী আৰু শ্রীলংকা৷