নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহামাৰীৰ মাজতো অর্থনৈতিক পুনৰুত্থান সম্ভৱ

নিয়মীয়া বাৰ্ত‍া, ১০ জুলাইঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে সংগ্রামৰ সময়তে ভাৰতে অর্থনৈতিক দিশৰ পৰাও পুনৰুত্থান ঘটাবলৈ সক্ষম হ’ব বুলি গভীৰ আস্থা ব্যক্ত কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

ইণ্ডিয়া গ্ল’বেল উইক–২০২০ শীর্ষক অনুষ্ঠানত ভাষণ প্রদান কৰি প্রধানমন্ত্রীয়ে কয় যে সমগ্র বিশ্বত ক’ভিড–১৯এ সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত ভাৰতে জনস্বাস্থ্যৰ লগতে দেশৰ অর্থনৈতিক অৱস্থাক লৈও সমানে কাম কৰি আছে৷ ভাৰতে অনুকম্পামূলক আৰু স্থায়িত্বৰ ওপৰত সর্বাধিক গুৰুত্ব দি অর্থনীতি পুনৰুদ্ধাৰ কৰাৰ চেষ্টা কৰিছে৷ ভাৰতৰ এই প্রচেষ্টাই বিশ্বৰ অর্থনীতিৰ পুনৰুত্থানৰ ক্ষেত্রতো অৰিহণা আগবঢ়াব বুলি তেওঁ আশা ব্যক্ত কৰে৷ তেওঁ কয় যে লকডাউনৰ ফলত দেশৰ অর্থনীতিলৈ অস্থায়ীভাৱে মন্থৰতা নামি আহিলেও দেশৰ অর্থনীতি পুনৰুজ্জীৱিত হোৱাৰ প্রক্রিয়া আৰম্ভ হৈছে আৰু ইতিমধ্যে ইয়াৰ সেউজ অংকুৰণ পৰিলক্ষিত হৈছে৷ মহামাৰীৰ প্রাদুর্ভাৱ ঘটিলেও এই সময়খিনিত বিশ্ব অর্থনীতিৰ পুনৰুত্থানৰ বিষয়ে আলোচনা কৰাটো প্রাসংগিক হৈ আছে৷ ভাৰতত বিনিয়োগৰ বাবে সকলোকে আহ্বান জনাই মোদীয়ে কয় যে ভাৰত হ’ল বিশ্বৰ ভিতৰতে অন্যতম মুক্ত অর্থনীতি৷

ভাৰতে বিনিয়োগকাৰীক আজি যিবিলাক সুবিধা প্রদান কৰিছে, খুব কম দেশেহে অনুৰূপ সুবিধা প্রদান কৰিবলৈ সক্ষম হৈছে৷ ভাৰতৰ বহুতো নৱ–উদিত খণ্ডত যথেষ্ট সম্ভাৱনীয়তা আৰু সুযোগ আছে৷ ভাৰতে কৃষিখণ্ডত যি সংস্কাৰ আনিছে তাৰ ফলত বিনিয়োগত বহুতো আকর্ষণীয় সুযোগ–সুবিধা ওলাব৷ দেশৰ ক্ষুদ্র আৰু লঘু উদ্যোগ খণ্ড, সামৰিক খণ্ড আৰু মহাকাশ খণ্ডতো ব্যক্তিগত বিনিয়োগৰ সম্ভাৱনীয়তা আছে বুলি তেওঁ ভাষণত উল্লেখ কৰে৷ দেশৰ ঔষধ খণ্ডৰ প্রশংসা কৰি প্রধানমন্ত্রীয়ে কয় যে ভাৰতত প্রস্তুত কৰা ভেকচিন বিশ্বৰ দুই–তৃতীয়াংশ শিশুৰ শৰীৰত প্রয়োগ কৰা হয়৷ ভাৰতীয় প্রতিষ্ঠানে ক’ভিড–১৯ ভেকচিন প্রস্তুতৰ আন্তঃৰাষ্ট্রীয় প্রচেষ্টাতো সক্রিয়ভাৱে অংশগ্রহণ কৰা বুলি তেওঁ উল্লেখ কৰে৷ কেৱল ভাৰতৰ বাবেই নহয়, সমগ্র বিশ্বৰ বাবে ভাৰতীয় ঔষধ প্রস্তুতকাৰক প্রতিষ্ঠানৰ গুৰুত্ব এইবাবেই অপৰিসীম যে এই প্রতিষ্ঠানসমূহে কম মূল্যত বজাৰত ঔষধ উলিয়াই দিবলৈ সক্ষম হৈছে৷

You might also like