নগাঁৱত মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ কৰোণা ভাইৰাছৰ গন সংক্ৰমণৰ আশংকা দিনক দিনে বৃদ্ধি পাইছে নগাঁও জিলাত। ইতিমধ্যে ভ্ৰমণ বৃত্তান্ত নথকা শিশু সহ বহু কেইজন লোক কৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ পিছতো বৃহৎ সংখ্যক লোকৰ মাজত ঘূৰি অহা নাই সামাজিক চেতনা। চৰকাৰে কৰোনা প্ৰতিৰোধৰ বাবে গ্ৰহন কৰা নিৰ্দেশাৱলী নগাঁৱত ব্যাপক ভাবে উলংঘা কৰা হৈছে। জিলা খনৰ বিভিন্ন দৈনিক, সাপ্তাহিক বজাৰ সমূহত মানুহৰ অধিক সমাগম পৰিলক্ষিত হৈছে। বহু লোকে মাস্ক পৰিধান নকৰাকৈ এই বজাৰ সমূহলৈ গৈ এক অভাবনীয় পৰিবেশৰ সৃষ্টি কৰিছে। তদুপৰি নগাঁও চহৰকে ধৰি জিলা খনৰ বিভিন্ন বিপনী, বেংক চি এছ পি আদিত গ্ৰাহকে উলংঘা কৰি আহিছে চৰকাৰী নিৰ্দেশনা। বজাৰ সমূহত অধিক মানুহৰ সমাগম ৰোধ কৰাত জিলা প্ৰশাসন সফল হব পৰা নাই। জিলা প্ৰশাসনে মাইক যোগে কৰোনা প্ৰতিৰোধৰ বাবে চৰকাৰৰ নিৰ্দেশাৱলী মানি চলিবলৈ ৰাইজক বাৰম্বাৰ আহ্বান জনাই অহাৰ পিছতো একাংশ লোকে ব্যাপক হাৰত চৰকাৰী নিৰ্দেশনাৱলী উলংঘা কৰি আহিছে।
ইয়াৰ পৰিপ্ৰেক্ষিততেই আজি নগাঁও চহৰত চলাই এক অভিযান। মাস্ক পৰিধান নকৰি চহৰ খনত ওলাই অহা বহু লোকক জৰিমনা বিহি ভবিষ্যতে মাস্ক পৰিধান নকৰাকৈ ঘৰৰ বাহিৰলৈ নোলাবলৈ সতৰ্ক কৰি দিয়ে। মাস্ক পৰিধান নকৰা প্ৰতিজন লোকৰ পৰা আৰক্ষীয়ে পৰা ৫০০ টকাকৈ জৰিমনা বিহে। নগাঁৱৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত আৰক্ষীয়ে এই অভিযান চলাই আজি ১৫ হাজাৰৰো অধিক টকাৰ জৰিমনা বিহে। নগাঁও আৰক্ষীৰ এনে পদক্ষেপক সচেতন মহলে শলাগ লোৱাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত আৰক্ষীক অধিক কঠোৰ হবলৈ আহ্বান জনায়।