নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ; নদীবান্ধ নিৰ্মাণত বৃহৎ কেলেংকাৰীৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ অৰুনাচলত এইবাৰ নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিল একাংশ শীৰ্ষ নেতৃত্ব। মুখ্যমন্ত্ৰী পেমা খাণ্ডু চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিৰ একাংশ নেতৃত্বই ঘোষণা কৰিলে মুকলি বিদ্ৰোহ।

অৰুণাচলত নিৰ্মাণ হৈ থকা নদীবান্ধ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি নিজ চৰকাৰৰ বিৰুদ্ধে বিজেপিয়ে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। অৰুণাচল পূৱ ছিয়াং জিলাৰ সদৰ পাছিঘাটৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বৰ মেব’ মহকুমাত শাসকীয় দলৰ নেতৃবৃন্দই ৩৫ কোটি টকীয়া নদীবান্ধ আঁচনি ৰূপায়নত সংঘটিত হোৱা দুৰ্নীতিৰ চি বি আই তদন্ত বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। পাছিঘাট চহৰৰ পৰা আৰম্ভ হোৱা ছিয়াং নদীৰ গৰাখহনীয়াত নামনি অংশৰ দিবাং উপত্যকাৰ কেইবাখনো জিলা লৈকে বৃহৎ ক্ষতিৰ সন্মূখীন হৈছে।

আনহাতে ২০০০ চনৰ পৰা সৃষ্টি হোৱা ছিয়াং নদীৰ ভয়ংকৰ গৰাখহনীয়াত ইতিমধ্যে মেব’ৰ অধিকাংশ অঞ্চল নদীৰ বুকুত জাহ গৈছে। ছিয়াং উপত্যকা আৰু দিবাং উপত্যকাক সংযোগী ছিয়াং নদীৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৱ উন্নয়ন পৰিষদৰ অধীনত ৩৫ কোটি টকা ব্যয় সাপেক্ষে শৈল বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰে। এই শৈল বান্ধই ছিয়াং নদীৰ খহনীয়া প্ৰতিৰোধ কৰিব বুলি স্থানীয় ৰাইজে আশা কৰিছিল যদিও বান্ধ নিৰ্মাণত সংঘটিত দুৰ্নীতি, অনিয়ম আৰু নিম্ন মানৰ কামৰ কাৰণে শৈল বান্ধ ছিগি যায়।

ইফালে ছিয়াঙৰ পানীয়ে উটুৱাই নিলে শৈল বান্ধটো। নদীবান্ধ নিৰ্মাণৰ নামত সংঘটিত হোৱা বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে চি বি আইক তদন্ত কৰিবলৈ দাবী জনাইছে। নদীবান্ধ নিৰ্মাণৰ নামত আৱন্টিত ৩৫ কোটি টকা ক’ত গ’ল? বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে বিজেপিৰ নেতা-কৰ্মীসকলে হাতে হাতে বেনাৰ-পষ্টাৰ লৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

You might also like