বিধানসভা নির্বাচনত ‘কা’বিৰোধী শক্তিক বিজেপিৰ বিৰুদ্ধে ব্যৱহাৰৰ ৰণকৌশল
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ ক’ৰোনাই ৰাজ্যখনত কালৰূপ ধাৰণ কৰাৰ সময়তে বিৰোধী দল কংগ্রেছে এই মহামাৰীৰ পৰা জনসাধাৰণক উদ্ধাৰ কেনেদৰে কৰিব, সেই বিষয়ত আত্মনিয়োগ কৰাৰ পৰিৱর্তে ৰাজনৈতিক লাভালাভৰ সমীকৰণত ব্যস্ত হৈ পৰিছে৷ যিটো সময়ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাকে ধৰি মিত্রজোঁটৰ চৰকাৰখনে দিন–ৰাতি একাকাৰ কৰি ক’ৰোনা মহামাৰীৰ পৰা ৰাজ্যবাসীক পৰিত্রাণ দিয়াৰ হকে অবিৰাম যুঁজি আহিছে, তেনে দুর্যোগৰ সময়ত বিৰোধী দল কংগ্রেছ ব্যস্ত হৈছে ৮ মাহ পাছত হ’বলগীয়া বিধানসভা নির্বাচনক লৈ৷ বিভিন্ন বিভ্রান্তিকৰ মন্তব্যৰে ৰাজ্যৰ প্রধান বিৰোধী দলটোৱে ক’ৰোনাৰ পৰা জনসাধাৰণৰ মন আনফালে ঢ়াল খুওৱাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷
প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈকে ধৰি দলটোৰ নেতাসকলৰ শেহতীয়া বক্তব্য আৰু আচৰণতে সেই ছবিখন পৰিস্ফুট হৈছে৷ জনসাধাৰণক আকৃষ্ট কৰিব পৰাকৈ হাতত কোনো সবল ইছ্যু নথকা কংগ্রেছে এইবাৰ ‘কা’, ক’ৰোনা, লকডাউনক ঢ়াল হিচাপে লৈ জনসাধাৰণক বিভ্রান্তি কৰি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ অংক কৰিছে৷ নিজাববীয়াকৈ এনেধৰণৰ বিভ্রান্তি অপপ্রচাৰেৰে যে কংগ্রেছ সফল হ’ব নোৱাৰিব, সেয়া উপলব্ধি কৰি বিৰোধী দলটোৱে এই অভিযান ‘কা’বিৰোধী শক্তিৰে সন্মিলিতভাৱে চলোৱাৰ পৰিকল্পনা কৰিছে৷ কংগ্রেছৰ এক সূত্রৰ পৰা জানিব পৰা অনুসৰি এনে পৰিকল্পনাৰ অংশ হিচাপেই কংগ্রেছে ইতিমধ্যে মহাজোঁট গঠনৰ বাবে বিভিন্ন দল–সংগঠনৰ সৈতে প্রাৰম্ভিক যোগাযোগ আৰম্ভ কৰিছে৷ যোৱা মার্চ মাহত অনুষ্ঠিত ৰাজ্যসভা নির্বাচনৰ জৰিয়তে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতা সম্পন্ন হয়৷ দুয়োটা দলৰ তৰফৰ পৰা ইতিমধ্যে ২০২১ চনৰ বিধানসভা নির্বাচনপর্যন্ত তেওঁলোকৰ মিত্রতা অক্ষুণ্ণ থাকিব বুলি স্পষ্ট কৰি দিছে৷ এতিয়া কেৱল দল দুটাৰ মাজত আসন বুজাবুজিৰ আনুষ্ঠানিকতাহে বাকী৷ সমষ্টিত টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ শংকাত কংগ্রেছৰ একাংশ সংখ্যালঘু নেতাই এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধিতা কৰিছে যদিও কংগ্রেছে যে তেনে বিষয়ত গুৰুত্ব নিদিয়ে, সেই কথাও প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে স্পষ্ট কৰি দি কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ নিশ্চয়তা প্রদান কৰিছে৷
কংগ্রেছৰ সূত্রটোৱে জানিবলৈ দিয়া মতে, চি পি আই, চি পি আই (এম) আদি দলৰ সৈতেও কংগ্রেছৰ প্রাৰম্ভিক যোগাযোগ চলিছে আৰু এতিয়ালৈ ইতিবাচক সঁহাৰি লাভ কৰিছে৷ অনাগত দিনত আসন বুজাবুজিৰ ক্ষেত্রত বাঁওপন্থী দল দুটাৰ সৈতে বিশেষ অসুবিধা নহ’ব বুলি কংগ্রেছ আশাবাদী৷ ইপিনে, ‘কা’বিৰোধী আন্দোলনৰ অন্যতম নেতা সম্প্রতি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈক আইনী সাহায্য প্রদান কৰি কৃষক মুক্তি সংগ্রাম সমিতিকে ধৰি ‘কা’বিৰোধী শক্তিৰ সমর্থন আদায়ৰ অংক কৰিছে কংগ্রেছে৷ ইয়াৰ অংশ হিচাপে নিখিল ভাৰত কংগ্রেছ কমিটীৰ তৰফৰ পৰা ৰাজ্যসভাৰ সাংসদ বিবেক টাংখা আৰু প্রাক্তন কেন্দ্রীয় মন্ত্রী ছলমান খুৰছিদক অখিল গগৈকে ধৰি কৃষক মুক্তিৰ বন্দী নেতাসকলক আইনী সাহায্য দিয়াৰ বাবে নিয়োগ কৰিছে৷ মন কৰিবলগীয়া এয়ে যে অখিল গগৈৰ নেতৃত্বত নতুন ৰাজনৈতিক দল এটা গঠন হ’ব বুলি চর্চা চলাৰ সময়ৰে পৰাই প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে একাধিকবাৰ অখিল গগৈৰ দলৰ সৈতেও মিত্রতা কৰিব বুলি প্রকাশ কৰি আহিছে৷ তদুপৰি বিজেপিৰ বিৰুদ্ধে বিভিন্ন ইছ্যু উত্থাপনৰ বাবেও অখিল গগৈৰে কংগ্রেছৰ ঘনিষ্ঠতা বিগত সময়ছোৱাত বৃদ্ধি পাইছে৷ এতিয়া কাৰাৰুদ্ধ অখিল গগৈক আইনী সাহায্য প্রদান কৰি কংগ্রেছে সেই সম্বন্ধ অধিক টনকিয়াল কৰিব বিচাৰিছে বুলি কংগ্রেছৰ মজিয়াতে চর্চিত হৈছে৷ সেইদৰে বিভিন্ন কাৰণ তথা বাধ্য–বাধকতাৰ বাবে কংগ্রেছৰ পক্ষত অৱস্থান কৰিব নোৱাৰা শক্তিৰ সমর্থন যাতে এইবাৰ বিজেপিৰ পৰা নিলগাই ৰাখিব পৰা যায়, তাৰ বাবেও অংক কৰিছে প্রধান বিৰোধী দলটোৱে৷ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সমর্থনত নির্দলীয় হিচাপে ৰাজ্যসভালৈ নির্বাচিত হোৱা অজিত কুমাৰ ভূঞাৰ জৰিয়তে কংগ্রেছে অতি সন্তর্পণে সেই নিলগীকৰণৰ কাম কৰিছে বুলি জানিব পৰা গৈছে৷ সাংসদ ভূঞাৰ নেতৃত্বত ইতিমধ্যে আঞ্চলিক গণ মর্চা নামৰ এট নতুন ৰাজনৈতিক দল গঠন কৰা হৈছে৷
কংগ্রেছৰ সূত্রটোৱে জানিবলৈ দিয়া মতে, প্রয়োজনত কংগ্রেছে এই নতুন দলটোৰ সৈতেও আসন বুজাবুজি কৰি বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিব৷ ইফালে ক’ৰোনা মহামাৰীক একাষৰীয়া কৰি কংগ্রেছে বিধানসভা নির্বাচনৰ কুচ–কাৱাজ চলাই থকাৰ সময়তে আছুৰ শেহতীয়া ভূমিকায়ো ৰাজ্যৰ ৰাজনীতিত নতুন মাত্রা প্রদান কৰিছে৷ একপ্রকাৰ কংগ্রেছৰ সুৰতে সুৰ মিলাই আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ক’ৰোনাক নাটক আখ্যা দিয়া ঘটনা তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ তদুপৰি আছুৱে নতুন ৰাজনৈতিক দল গঠন কৰিব বুলিও একে সময়তে কৰা মন্তব্য ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যথেষ্ট গুৰুত্বপূর্ণ৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে যোৱা বছৰ ডিচেম্বৰ মাহত যেতিয়াই আছু, যুৱ–ছাত্র পৰিষদ, শিল্পী–ভিনেতা–ভিনে নেতৃত্বত নতুন আঞ্চলিক দল এটা গঠনৰ প্রসংগ ওলাইছিল, তেতিয়াই কংগ্রেছে অহা বিধানসভা নির্বাচনত বুজাবুজি কৰিব বুলি ঘোষণা কৰিছিল৷ কংগ্রেছৰ সূত্রটোৰ মতে দলৰ সেই স্থিতি এতিয়াও অব্যাহত আছে৷ কোনো কাৰিকৰী কাৰণত আছুৰ নেতৃত্বত গঠিত দলৰে কংগ্রেছৰ মিত্রতা নহ’লেও, সেই দলৰ বেনাৰত যিসকল আছু নেতা, অভিনেতা–ভিনেত্রী, শিল্পীয়ে প্রতিদ্বন্দ্বিতা কৰিব, তেওঁলোকৰ জয়ৰ সম্ভাৱনীয়তা থকা সমষ্টিত কংগ্রেছে প্রার্থী দিয়াৰ পৰা বিৰত থাকিব৷ কংগ্রেছৰ মূল উদ্দেশ্যে হৈছে বিজেপিৰ বিৰুদ্ধে ‘কা’বিৰোধী শক্তিক ঐক্যবদ্ধ কৰা৷
ইপিনে পুৰণি মিত্রদল হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ সৈতেও কংগ্রেছে যোগাযোগ অব্যাহত ৰাখিছে৷ বি টি আৰ চুক্তি আৰু বিটিচি নির্বাচনক লৈ বিজেপিৰে বি পি এফৰ ব্যৱধান বাঢ়ি অহাৰ লগে লগে কংগ্রেছে পুৰণি মিত্র বি পি এফলৈ মিত্রতাৰ হাত মেলি দিছে৷ এই বিষয়ে ইতিমধ্যে প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিকভাৱে প্রকাশ কৰিছে৷ মুঠতে কংগ্রেছৰ বাবে এতিয়া ক’ৰোনা মহামাৰীৰ পৰা জনসাধাৰণক পৰিত্রাণ দিয়াতকৈ অধিক গুৰুত্বপূর্ণ হৈ পৰিছে অহা বিধানসভা নির্বাচনত মেজিক নম্বাৰ ৬৪ আহৰণ কৰি চৰকাৰ গঠনৰ সপোন সার্থক কৰা৷