জোনাইত অপৰিবৰ্তিত বান পৰিস্থিতি, বানৰ কবলত ২২৮ খনকৈ গাঁও
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ জোনাইত এমাহে ধৰি দি থকা বৰষুণৰ ফলত চিয়াং-লালী , ব্ৰহ্মপুত্ৰৰ নৈ উপনৈসমূহৰ পানী ফেনেফুটুকাৰে বাঢ়ি অহাৰ ফলত আৰু অধিক অৱনতি ঘটিছে জোনাইৰ বান পৰিস্থিতি৷ পূৰ্বৰ তুলনাত এইবাৰ জোনাইৰ নৈ উপনৈ সমূহৰ জলস্থৰ অধিক বৃদ্ধি পোৱাত মহকুমাটোত প্ৰায় তিনিশতাধিক গাৱঁৰ বান পৰিস্থিতি ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে৷ এতিয়া চাৰিওফালে কেৱল বৰ্নাত্যৰ অৱস্থা অবৰ্ণনীয় হৈ পৰিছে৷
বানৰ কবলত এতিয়া শ শ পৰিয়ালে ঘৰ-দুৱাৰ এৰি আশ্ৰয় লৈছে ওখ মথাউৰিত৷ মথাউৰি আশ্ৰয় লোৱা বানাক্ৰান্তৰ উপৰি জীৱ-জন্তু ভুগিছে খাদ্যৰ লগতে খোৱাপানীৰ সংকটত। আনহাতে জোনাই মহকুমা ৰাজহচক্ৰৰ তথ্য অনুসৰি মহকুমাটোত জলমগ্ন হৈছে মুঠ ২২৮ খন গাঁৱ, ৮০ হেজাৰ লোক বানাত আক্ৰান্ত আৰু ২৮ হেজাৰ হেক্টৰ, কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে বুলি জানিবলৈ দিয়াৰ লগতে বানক্ৰান্ত লোকক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ ৬ খনকৈ নাওঁ ব্যৱহাৰ হৈছে আৰু নদী দ্বীপ কবুচাপৰিলৈ ফেৰীৰে খাদ্য সামগ্ৰী লৈ যোৱা হৈছে ৷ ইয়াৰ উপৰিও বানাক্ৰান্ত ৰাইজৰ বাবে মুঠ তিনিটা চৰকাৰী আশ্ৰয় শিবিৰ স্থাপন কৰা মুৰ্কংচেলেক বালিকা বিদ্যালয়ত ৯৮ জন, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৬ জন আৰু চমকং হাইস্কুলত ১৫০ জনৰো অধিক বাৰ্নাত্য আশ্ৰয় গ্ৰহন কৰিছে ৷ লগতে জোনাই প্ৰশাসনে ওখ ঠাইসমূহতো থকাৰ ব্যৱস্থা গ্ৰহন কৰা উপৰিও বানাক্ৰান্ত ৰাইজৰ মাজত তিৰপাল আৰু দুবাৰকৈ খাদ্য সামগ্ৰী বিতৰণ কৰিছে বুলি মহকুমা প্ৰশাসনে জানিবলৈ দিয়ে৷
উল্লেখযোগ্য যে এৰা ধৰাকৈ এমাহ ধৰি অব্যাহত থকা জোনাইৰ বান পৰিস্থিতি আজি অধিক জটিল ৰূপ ধাৰণ কৰাৰ ফলত বানাক্ৰান্ত ৰাইজৰ মাজত অবৰ্ণনীয় সমস্যাৰ সৃষ্টি হৈছে । জোনাই মহকুমা প্ৰশাসনে বানাক্ৰান্তক বান সাহাৰ্য্য প্ৰদান কৰিছে যদিও পশুধন সমূহ পশু খাদ্যৰ অভাৱত অধিক অৱনতি হ’বলৈ ধৰিছে ।