নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত ২২খন গাঁও বানত ক্ষতিগ্ৰস্ত, আশ্ৰয় শিবিৰত শতাধিক জনতা

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ চিৰাং জিলাৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত । আজি পুৱাৰ ভাগত কিছু শান্ত ৰূপ ধাৰণ কৰা মাক্ৰা, আই,টাকলাই আদি সৰু বৰ উপনৈ,শাখা নৈ তথা সৰস্ৰোতা সূতি সমূহে কালৰূপ ধাৰণ কৰে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা পানীৰ কোবাল সোঁতত চিৰাং জিলাৰ এই নৈ,সূতি নৈ সমূহ ওফন্দি উঠিছে । ফলত জিলা খনৰ বান কবলিত অঞ্চল সমূহত বান পৰিস্থিতি অপৰিৱৰ্ত্তিত হৈ ৰয়। আজি নদীৰ বাঢ়নি পানীয়ে ন ন অঞ্চলত খহনীয়াৰ সৃষ্টি কৰাৰ লগতে গাঁও সমূহলৈ ভাবুকি কঢ়িয়াই আনিছে । ইতিমধ্যে জিলা খনৰ ২২ খন গাঁৱৰ ১৩,৫৮৪ জন লোক, ৫৩২০টা সৰু বৰ পশুধন বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । জিলা খনৰ ১১৫০ জন ব্যক্তিক ইতিমধ্যে আশ্ৰয় শিবিৰত ৰখা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে ।

জিলা প্ৰশাসনৰ ফালৰ পৰা ক্ষতিগ্ৰস্ত লোক সকলক ২৪.৭৫২ কুইন্টল চাউল, ৪.৭৫২ কুইন্টল দাইল, ১৪২.৫৬ কুইন্টল লোন, ১৪২.৫৬ লিটাৰ মিঠাতেল আৰু ১২ কুইন্টল আটা যোগান ধৰা হৈছে বুলিও জিলা তথ্য আৰু জনসংযোগ বিভাগে  বিবৃতিটোত প্ৰকাশ কৰিছে। আনহাতে চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুভাষাত মৰাভূৰ আৰু ৰাৱণঘাট নদীৰ বাঢ়নি পানীয়ে অঞ্চলটোত সাগৰ সদৃশ ৰূপ লৈছে । অঞ্চলটোৰ বাসিন্দা সকলৰ ঘৰ দুৱাৰৰ অধিকাংশই পানীত বুৰ গৈছে। কালি বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত এখন গাঁৱৰ এজন ব্যক্তি পানীত বুৰ গৈ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে । অৱশ্যে ব্যক্তি জনৰ বানপানীৰ ফলত মৃত্যু হোৱা নাই বুলিও ৰাজহ চক্ৰ বিষয়াৰ সূত্ৰই প্ৰকাশ কৰা বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগে বিবৃতিটোত প্ৰকাশ কৰিছে । আজি চিদলী সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু খাদ্য তথা অসামৰিক যোগান মন্ত্ৰী ফনিভূষণ চৌধুৰীয়ে জিলা খনৰ বান ক্ষতিগ্ৰস্ত অঞ্চল সমূহত পৰিস্থিতিৰ বুজ লোৱা বুলি জানিব পৰা গৈছে ।

You might also like