নগাঁৱৰ কঁচুৱাত বৰপানী নৈৰ ভয়াৱহ ৰূপ, গৃহহীন ৭টাকৈ পৰিয়াল
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ পুনৰ বানৰ কবলত পৰিছে নগাওঁ জিলাৰ বৃহত্তৰ কচুৱা অঞ্চল। আজি কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ বাবে বৰপানী নদী উফন্দি উঠি তাণ্ডৱৰ সৃষ্টি কৰিছে। কচুৱাৰ মাধৱপাৰাৰ ভগা মথাউৰিয়েদি বৰপানী নদীৰ পানী সোমাই আজি ন ন অঞ্চল প্লাবিত কৰিছে ৷ যোৱা নিশা বৰপানী নদীৰ পৰা বৈ অহা প্ৰৱল বানে মাধৱপাৰা গাঁৱৰ নুৰ মহাম্মদ, আনাৰ হুছেইন, নুৰ বানু, কামাল উদ্দিন, চাঁন বানু, আব্দুল মজিদ আৰু আব্দুল কুদ্দুছৰ বাসস্থান সমূহ উটুৱাই নিয়াৰ ফলত এই ৭টা পৰিয়াল গৃহহীন হৈ পৰে।
গৃহহীন হৈ পৰা সাতোটা পৰিয়ালৰ সদস্য সকলক আজি মাধৱপাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত ৰখা হৈছে ৷ আনহাতে বৰপানীৰ বাঢ়নী পানীয়ে মাধৱপাৰা, আলিটাঙণি, ৰাজাআলি,ৰাঙলু বস্তি, শিলাডুবি,আমডুবি, বৰবিল, ৰমণী গাঁও আদি কেইবাখনো গাঁও প্লাৱিত কৰিছে। ফলত এই অঞ্চল সমূহৰ খেতিপথাৰৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে পশুধনৰো ক্ষতি হৈছে। ইপিনে আজি কামপুৰ ৰাজহ চক্ৰ বিষয়া ড° সংগীতা বৰঠাকুৰ ৰ লগতে নগাওঁ জিলা জল সম্পদ আৰু গড়কাপ্টানি বিভাগৰ বিষয়াৰ এটা দলে বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বিষয়া গৰাকীয়ে কচুৱাৰ মাধৱপাৰাৰ ভগা মাথাউৰিটো অতি শীঘ্ৰেই মেৰামতি কৰিবলৈ বিভাগ সমূহক নিৰ্দেশ দিয়ে।
এটা ভগ্ন মাথাউৰিৰ বাবে চাৰিবাৰকৈ বানৰ কবলত পৰিব লগা হৈছে ৰহা সমষ্টিৰ কচুৱা মাধৱপাৰা বাসী ৷ কুম্ভকৰ্ণ নিদ্ৰাত সাংসদ, বিধায়ক আৰু জলসম্পদ বিভাগ ৷ বৰপানী নৈৰ মাধৱপাৰ চাপৰমুখ সংযোগী এই মথাউৰিটো বিগত বছৰত বৰপানী নৈৰ বাঢ়নী পানীয়ে ছিঙি নিছিল ৷ কিন্তু এটা বছৰ উকলি যোৱাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰিলে বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধি সকলে ৷ যাৰ বাবে কিছু পানী বাঢ়িলেই ভগ্ন মাথাউৰিৰে পানী সোমাই বহু কেইখন গাঁও জলমগ্ন কৰাৰ লগতে খেতি ধ্বংস কৰি যায় ৷ জানিব পৰা মতে জলসম্পদ আৰু গড়কাপ্তানি বিভাগে ভগা মাথাউৰীটো তেওঁলোকৰ অধীনৰ নহয় বুলি গা এৰা মন্তব্য কৰে ৷ এতিয়া প্ৰশ্ন হয়, যদি দুয়োটা বিভাগৰ অধিনত মাথাউৰিটো নপৰে তেন্তে কোন বিভাগে নিৰ্মান কৰিব এই মাথাউৰিটো ৷ যাৰ বাবে বিপাঙত পৰিছে দূৰ্ভগীয়া বানাক্ৰান্ত সকল ৷