অখিল গগৈসহ কাৰাবন্দী নেতাৰ মুক্তিৰ দাবীত পেঙেৰীত আহোম সেনাৰ আমৰণ অনশন
- অনশনস্থলীত অসুস্থ হৈ পৰিছে বিপ্লৱ গগৈ
- চৰকাৰে ৰচনা কৰিছে হত্যাৰ কূটীল ষড়যন্ত্ৰ
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ ‘কা’ বিৰোধী আন্দোলনৰ কাৰাবন্দী কৃষক নেতা অখিল গগৈ আৰু অন্যান্য নেতাক বিনাচৰ্তে মুক্তিৰ দাবীত আহোম সেনাৰ তিনিচুকীয়া জিলা সমিতিয়ে পেঙেৰী চাৰি আলি ৰাজহুৱা পূজা মণ্ডপত যোৱা ৯ জুলাই, ২০২০ তাৰিখৰ পৰা অব্যাহত ৰাখিছে আমৰণ অনশনৰ কাৰ্যসূচী।
কাৰ্যসূচীত সংগঠনটোৰ জিলা সভাপতি সৌৰভ গগৈ, যুটীয়া সম্পাদক ক্ৰমে মন্তু ৰাজখোৱা আৰু বিপ্লৱ গগৈয়ে নিয়মীয়াকৈ অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে যুটীয়া সম্পাদক বিপ্লৱ গগৈ আজি তৃতীয় দিনা অনশনৰত অৱস্থাত অসুস্থ হৈ পৰাৰ বাতৰিও পোৱা গৈছে। অনশনস্থলীৰ পৰা আহোম সেনাৰ তিনিচুকীয়া জিলা সমিতিয়ে ‘কা’ বিৰোধী আন্দোলন কৰি দীৰ্ঘ দিনে কাৰাবন্দী হৈ থকা বিশিষ্ট কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক বিনা চৰ্তে মুক্তি দিবলৈ অসম চৰকাৰৰ প্ৰতি দাবী জনাইছে। উল্লেখ্য যে কাৰাবন্দী দলটোৰ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল কভিড -১৯ ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত অখিল গগৈ আৰু মানস কোঁৱৰৰ দেহতো উক্ত ৰোগৰ উপসৰ্গ ধৰা পৰাৰ পূৰ্ণ আশংকা প্ৰকাশ কৰিছে সংগঠনটোৱে। এনে প্ৰেক্ষাপটত বিজেপি চৰকাৰে অতি কৌশলেৰে অখিল গগৈহঁতক হত্যা কৰি অসমৰ অন্যতম প্ৰতিবাদী সত্তাটোক মষিমুৰ কৰিবলৈ কৌশল ৰচনা কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে সংগঠনটোৱে। শাসনাধিষ্ঠিত স্বেচ্ছাচাৰী চৰকাৰখনৰ এনে অমানৱীয় কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ অসমৰ সংগ্ৰামী জনগণক প্ৰতিবাদী সত্তাৰ পক্ষত থিয় দি ৰাজপথলৈ ওলাই আহিবলৈ আহোম সেনাৰ তিনিচুকীয়া জিলা সমিতিয়ে আহবান জনাইছে।
উক্ত অনশন কাৰ্যসূচীৰ বিগত দিনকেইটাত অসম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ সভাপতি লক্ষ্যজ্যোতি গগৈ, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্ত, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ যুটীয়া সম্পাদক দেৱজিৎ সোণাৰ, আহোম সেনাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাজীৱ চাংমাই, আছুৰ তিনিচুকীয়া জিলা আৰু পেঙেৰী আঞ্চলিক সমিতিৰ হৈ ৰাজা বলিমৰা, বিপ্লৱ নেওগ, আটছাৰ পেঙেৰী শাখা সমিতিৰ হৈ ডেভিদ ছিলভিন, কমল তাঁতী আদিয়ে সহযোগ আগবঢ়াইছে বুলিও জানিব পৰা গৈছে।