নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ শুক্লাই নৈত উটি গল ট্ৰেক্টৰ; চালকসহ তিনি লোকৰ কথমপি প্ৰাণ ৰক্ষা

নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ বিগত‌ কেইদিন মান ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত ফেনা-ফুতুকাৰে বৃদ্ধি পাইছে ভূটানৰ পৰা নামি অহা শুক্লাই নৈৰ জলপৃষ্ঠ।আজি ভাৰত-ভূটান সীমান্তৱৰ্তী ওডালগুৰিৰ বাদলাপাৰাত নৈৰ তীব্ৰ সোতত উটি যায় এখন ট্ৰেক্টৰ।

উল্লেখ্য যে ট্ৰেক্টৰখনত থকা চালকজনৰ লগতে আন দুজন লোক কথমপি প্ৰাণৰক্ষা পৰে।জানিব পৰা মতে ট্ৰেক্টৰখনেৰে লোক কেইজনে নৈ পাৰ হৈ থকা অৱস্থাত হঠাৎ পানী বাঢ়ি যোৱাৰ ফলত দিশহাৰা হৈ পৰে ট্ৰেক্টৰ চালকজনে।অৱশেষত কোনোমতে ট্ৰেক্টৰখন নদী পাৰ কৰিব লওঁতেই বাঢ়নী পানীৰ সোতে উটিয়াই লৈ যায়।

উল্লেখ্য যে দেশে স্বাধীনতা লাভ কৰাৰ ৭২ বছৰ পাছতো ওদালগুৰি জিলাৰ বাদলাপাৰা, টেংকীবস্থী,আঠেৰীঘাট বাসীয়ে শুক্লাই নদীৰ ওপৰত লাভ নকৰিলে এখন দলঙ।যাৰ ফলত যমৰ যন্ত্ৰণা ভূগি ভাৰত-ভূটান সীমান্তৱৰ্তী লোক সকলে নিতৌ নৈৰ বুকুৱেদী বিপদ সংকুলভাৱে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে।ফলত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘিত হৈ আহিছে।এই ক্ষেত্ৰত বিটিচি পৰিষদীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে দলঙ নিৰ্মাণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে অঞ্চলবাসীয়ে।

You might also like