ৰাজ্যত পুনৰ ৫৩৫ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ; আক্ৰান্তৰ সংখ্যা ১৬০৭১ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ ৰাজ্যত পুনৰ ৫৩৫ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে । যাৰ ভিতৰত ৪১০ গৰাকী লোক গুৱাহাটী মহানগৰীৰ বুলি চিনাক্ত কৰা হৈছে ।
যাৰ পাছতে ৰাজ্যত মুঠ কভিড ৰোগীৰ সংখ্যা ১৬০৭১ জনলৈ বৃদ্ধি পালে । যাৰ ভিতৰত বৰ্তমানলৈ ১০৪২৬ গৰাকী লোক সুস্থ হৈ উঠিছে ।
আনহাতে বৰ্তমান ৰাজ্যৰ বিভিন্ন হাস্পতালত ৫৬০৭ গৰাকী লোক চিকিৎসাধীন হৈ আছে ।