নামনি অসমত আই নৈৰ প্ৰলয়ংকাৰী বানত বিধস্ত বহু অঞ্চল; বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ দাবী এবছুৰ
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ আই নৈৰ প্ৰলয়ংকাৰী বানে জটিল ৰূপ ধাৰণ কৰিছে নামনি অসমৰ চিৰাং আৰু বঙাইগাঁও জিলাত। বিগত সপ্তাহত ভূটানৰ পৰা নামি অহা বাঢ়নী পানীয়ে আই নৈৰ দুটাকৈ স্থানত নৈ খনৰ গতি সলাই জলমগ্ন কৰি ৰাখিছে জিলা দুখনৰ এক বৃহৎ অঞ্চল। কৃষিভূমি সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল মানুহৰ লগতে জীৱ-জন্তুৰ মাজত। পথত আশ্ৰয় গ্ৰহণ কৰিব লগীয়া হৈছে বানাক্ৰান্ত।
শনিবাৰে বিয়লি নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ সভাপতি দ্বীপেন বড়োসহ এবছুৰ এটা প্ৰতিনিধিৰ দল ১ নং ছাৰাপেটৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্তৰ খা-খবৰ লয়।বড়োৱে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ দাবী জনোৱাৰ লগতে চৰকাৰক বান সাহায্যৰ বাবে অধিক পুঁজি প্ৰদান কৰিবলৈ দাবী জনায়। ইয়াৰোপৰি আই নৈৰ প্ৰলয়ংকাৰী বানে প্ৰতি বছৰ তাণ্ডৱ চলাই নৈখনৰ দাতি-কাষৰীয়া অঞ্চল সমূহত বিস্তৰ ক্ষতিসাধন কৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক আই নৈৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়।
উল্লেখ্য যে আই নৈৰ মাজেৰে ভূটানৰ পৰা নামি অহা পানীয়ে প্ৰথমাৱস্থাত বঙাইগাঁও জিলাৰ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং জাৰাগুৰী আৰু ২ নং জামদহাৰ মাজেৰে আই নৈয়ে গতি সলাই বঙাইগাঁও আৰু চিৰাং জিলাৰ বৃহৎ অঞ্চল জলমগ্ন কৰি বিস্তৰ ক্ষতিসাধন কৰাৰ পিছত আই নৈৰ প্ৰলয়ংকাৰী বান আৰু গৰাখহনীয়াই কালি চিৰাং জিলাৰ ১ নং ছাৰাপেটৰ মথাউৰি চিঙাই লৈ যায়। যাৰ ফলত বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে উক্ত অঞ্চলত। সম্প্ৰতি বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত সৈনাসীগুৰী, ১ নং ছাৰাপেট, ২ নং ছাৰাপেট, ১ নং শিশুবাৰী, ২ নং শিশুবাৰী, ১ নং আৰু ২ নং মিজৰাবাৰী, নোৱাপাৰাকে আদি কৰি এক বৃহৎ অঞ্চল প্লাৱিত কৰি তোলে। ৰাজপথত আশ্ৰয় ল’ব লগা হৈছে বানাক্ৰান্ত।
বৰ্ণালী তালুকদাৰ
, বিজনী
12-07-2020