ৰাজ্যৰ চাৰিখন চহৰৰ পৰিস্থিতি স্পর্শকাতৰ
নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ গুৱাহাটী মহানগৰীত ক’ৰোনাৰ ভয়াৱহ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি লকডাউন বৃদ্ধি কৰাৰ সময়তে স্বাস্থ্য বিভাগক উদ্বিগ্ন কৰি তুলিছে ৰাজ্যৰ আন চাৰিখন চহৰে৷ গোলাঘাট, যোৰহাট, শিলচৰ আৰু বৰপেটা এই চাৰিখন চহৰত শেহতীয়াকৈ ক’ৰোনাৰ সংক্রমণ বৃদ্ধি হোৱা বিষয়টোৱে স্থানীয় প্রশাসনৰ লগতে স্বাস্থ্য বিভাগকো সমস্যাত পেলাইছে৷
মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি এই বিষয়ে উল্লেখ কৰি জানিবলৈ দিয়া মতে, কি পৰিৱেশত চহৰ চাৰিখনত সংক্রমণ বৃদ্ধি হৈছে, তাৰ ওপৰত স্বাস্থ্য বিভাগে বিশেষ নজৰ দিছে৷ স্বাস্থ্য বিভাগে লকডাউন বলৱৎ কৰি পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ পৰিৱর্তে আন পদক্ষেপ গ্রহণ কৰি সংক্রমণ নিয়ন্ত্রণত গুৰুত্ব দিছে৷ মন্ত্রী শর্মাই ইয়াকো উল্লেখ কৰে যে এই চাৰিখন চহৰৰ লগতে কৰিমগঞ্জ, বঙাইগাঁও, মৰিগাঁও আৰু দৰং জিলাত শেহতীয়াকৈ ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি হোৱা বিষয়টোক স্বাস্থ্য বিভাগে গুৰুত্ব সহকাৰে গ্রহণ কৰিছে৷ অৱশ্যে এই জিলাকেইখনত বহুসংখ্যক বহিঃৰাজ্যৰ পৰা অহা লোক কোৱাৰেণ্টাইন হৈ থকাৰ পাছত ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছে৷