নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষাৰ্থীক জলপানি প্ৰদানৰ বাবে সমিধানৰ ‘স্কলাৰ এচিষ্ট’

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ এটা দশক ধৰি ছাত্ৰ সমাজক কেৰিয়াৰ সম্বন্ধীয় সমাধান আগবঢ়াই অহা সমিধান নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ছাত্ৰ-ছাত্ৰীসকলক জলপানি প্ৰদানৰ বাবে ’স্কলাৰ এচিষ্ট’ নামেৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে| ‘স্কলাৰ এচিষ্ট’ৰ মূল উদ্দ্যেশ্য মেধাৱী শিক্ষাৰ্থীসকলক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াব বিচৰা দাতা আৰু যোগ্য ছাত্ৰ-ছাত্ৰীৰ মাজত এক যোগসূত্ৰ স্থাপন কৰা |

এই পদক্ষেপৰ অংশ হিচাপে বৰ্তমান ৬টা ছাত্ৰবৃত্তি সমিধানৰ ৱেবছাইট www.xomidhan.org ত উপলব্ধ কৰা হৈছে। বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে অশোক কুহৰ বৃত্তি, চৰকাৰী বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে মহেশ্বৰ নাথ সোঁৱৰণী ন্যাস বৃত্তি, বিজ্ঞান শাখাৰ ছাত্ৰীৰ বাবে নকুল-অলকা দত্ত বৃত্তি, উচ্চ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দেহিৰাম শইকীয়া সোঁৱৰণী বৃত্তি, বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে বৰুৱা-হাজৰিকা বৃত্তি আৰু গণিত চৰা বৃত্তিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে সমিধানৰ ৱেবছাইটত এই ছাত্ৰবৃত্তিসমূহৰ বিষয়ে সবিশেষ জানিব পাৰিব ।

ইপিনে ছাত্ৰবৃত্তি প্ৰদানৰ বাবে ইচ্ছুক দাতাসকলক [email protected] ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে স্বেচ্ছাসেৱী সংগনটোৰ বিষয়ববীয়াসকলে ।
উল্লেখ্য যে ২০১০ চনত স্থাপিত সমিধান হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কেৰিয়াৰ কাউন্সেলিং প্ৰদানকাৰী স্বেচ্ছাসেৱী সংগঠন | সমিধানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিষয়ত অভিজ্ঞ ২৭৩ গৰাকী পঞ্জীকৃত কাউন্সেলৰ জড়িত হৈ আছে । কাউন্সেলৰসকলৰ ভিতৰত প্ৰায় ২০গৰাকী ডক্টৰেট ডিগ্ৰীধাৰী, অসমৰ পৰা ভাৰতীয় লোকসেৱা আয়োগত উত্তীৰ্ণ হোৱা ৫ গৰাকী বিষয়া, আই আই টি, আই আই এমৰ আদিৰ দৰে শিক্ষানুষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ব্যক্তি, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত স্থানপ্ৰাপ্ত কেবাগৰাকীও কৃতীমান, আমেৰিকা আৰু ইউৰোপৰ খ্যাতিমান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কেবাগৰাকীও ছাত্ৰ-ছাত্ৰী, প্ৰতিষ্ঠিত সাংবাদিক, ৰাজনীতিবিদ, কৰ্প’ৰেট খণ্ডত প্ৰতিষ্ঠিত ব্যক্তি আদি আছে ।

You might also like