নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত আৰক্ষী-চিআৰপিএফসহ ২৫ জন ক’ৰোনাত আক্ৰান্ত

নিয়মীয়া বাৰ্তা,  ১২ জুলাইঃ জাগীৰোডত শনিবাৰে ১৬ জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পিছত ৰবিবাৰে পুনৰ ২৫ জন লোক আক্ৰান্ত হৈছে ক’ভিড ১৯ত । স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি আজি আক্ৰান্ত হোৱা ২৫ জন লোকৰ ভিতৰত ১৬ জনেই জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত নেলী আৰক্ষী চকীত কৰ্মৰত। ৮ জুলাইত স্বাস্থ্য বিভাগে নমুনা সংগ্ৰহ কৰিছিল আৰক্ষীৰ লোক সকলৰ ৷ ইতিমধ্যে স্বাস্থ্যবিভাগে আটাইকে দলংঘাট কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে নেলী আৰক্ষী চকীত মৰিগাওঁ জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষক নন্দসিং বৰকলা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ আনহাতে কাহিকুছিস্থিত চিআৰপিএফ শিবিৰৰ ৬ জন জোৱান, জাগীৰোডৰ একেটা পৰিয়ালৰ সুৰেশ শ্বাহ (৫৫) আৰু ৰাজাৰাম শ্বাহ (৩৯ ) আৰু মায়ঙ থানাৰ অন্তৰ্গত বুৰগাঁৱৰ ৰবিন্দ্ৰ বিশ্বাস (৩০) নামৰ এজন লোকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি। জানিব পৰা মতে বাঙ্গালোৰত কৰ্মৰত ৰবিন্দ্ৰ বিশ্বাস জাগীৰোডত মনোৰমা ল’জত কোৱাৰেণ্টাইন হৈ আছিল ।

You might also like