নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ মূষলধাৰ বৰষুণৰ ফলত ফেনে ফুটোকাৰ উপচি পৰা গাইনদীয়ে চিচিবৰগাঁও আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নৈখনৰ প্ৰচণ্ড গৰাখহনীয়াত কালি চিচিবৰগাঁও ৰাজহ চক্ৰৰ চক্ৰৰ অন্তৰ্গত বেতনিপাম গাঁও পঞ্চায়তৰ প্ৰায় ১৮ টা পৰিয়ালৰ ঘৰ- বাৰী পানীত উটি যায়। সম্প্ৰতি অঞ্চলটোত ব্যাপক খহনীয়া অব্যাহত আছে। কালি দিনৰ প্ৰায় ১০ বজাত নৈখনৰ প্ৰলয়ংকাৰী সোঁতে বেতনিপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং বালিজান ৱাৰ্ডৰ নতুন বালিজান গাঁৱৰ প্ৰায় কুৰিটা পৰিয়ালৰ ঘৰ- দুৱাৰ উটুৱাই লৈ যায়।
প্ৰধানকৈ নতুন বালিজানৰ গণেশ বৰগোঁহাই, ৰঞ্জিত চেতিয়া, মিলন গগৈ আৰু প্ৰদীপ বৰগোঁহাইৰ ঘৰ- ভেটি উচন কৰাৰ লগতে নদীৰ বুকুত জাহ যায় বহু গছ- গছনি আৰু বিস্তীৰ্ণ কৃষি ভূমি। যাৰ বাবে একাংশই পথৰ ওপৰত কোনোৰকমে আশ্ৰয় লৈ আছে আৰু আন পৰিয়ালে ওচৰে পাঁজৰে থকা ঘৰৰ সম্পৰ্কীয়ৰ ঘৰত নৈশ যাপন কৰিছে৷ সমান্তৰালভাৱে কৰফুলনি গাঁৱৰ অতুল গোহাঁই, সুনন্দ গোহাঁই আৰু কনক গোহাঁইৰ ঘৰ ভেটি উছন যোৱাৰ খবৰ সংবাদ মাধ্যমৰ হাতত আহি পৰিছে। ইফালে সৰুপাম, ঢেকীয়ানিপাম, সাপেখাতি, বালিজান, নতুন বালিজান, নাহৰণি বালিজান আদি ৰাইজৰ প্ৰায় দুই শতাধিক ৰাইজৰ খেতি- পথাৰৰ ক্ষতিসাধন কৰে।
স্মৰ্তব্য যে, ধাৰাষাৰ বৰষুণৰ ফলত ভয়ানকভাৱে উফন্দি উঠা গাই নৈ খনে সম্প্ৰতিও অব্যাহত ৰাখিছে তীব্ৰ খহনীয়া। বুকু কঁপোৱা শব্দৰে অব্যাহত থকা খহনীয়াই অচিৰেই সামৰিব আৰু বহু পৰিয়ালৰ ঘৰ বাৰী আৰু বিস্তৃত কৃষি ভূমি। ফলত ভয়ত পেটতে হাত ভৰি লুকাইছে বন্যাৰ্তৰ। উল্লেখযোগ্য যে, খহনীয়াৰ পৰা সুৰক্ষা দিব পৰা উন্নত আৰু পৰিকল্পিত আঁচনি ৰূপায়ণৰ বাবে বছৰ বছৰ ধৰি চৰকাৰৰ ওচৰত অনুনয় বিনয় কৰিও পৰিত্ৰাণ নোপোৱাত ভাগৰি পৰিছে গঞা ৰাইজ। ইফালে এই দুৰ্যোগৰ পৰা ৰাইজ পৰিত্ৰাণ দিবলৈ বেতনিপাম গাঁও পঞ্চায়তে বাঁহ-কাঠ- মাটিভৰ্তি বস্তা সংগ্ৰহ কৰি নদীখনক ভেটিবলৈ দিবা- নৈশে চেষ্টা অব্যাহত ৰাখিছিল যদিও গাইনদীৰ প্ৰলয়ংকাৰী সোঁতে উটুৱাই লৈ যায়। দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালকেইটাৰ ঘৰ- ভেটি উছন হোৱাত দুখেই কুলাই- পাচিৰে নধৰা হৈছে। বেতনিপাম গাঁও পঞ্চায়তৰ সভাপতি বিক্ৰম গগৈয়ে দুৰ্ভগীয়া পৰিয়ালকেইটালৈ ক্ষতিপূৰণ প্ৰদান কৰিবৰ বাবে চৰকাৰৰ আহ্বান জনাইছে।