নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইমছ দক্ষিণ-পূব এছিয়াৰ উন্নত মানদণ্ডৰ চিকিৎসা কেন্দ্ৰ ৰূপে প্ৰতিষ্ঠিত হ’বঃ সৰ্বানন্দ সোণোৱাল

২০২১চনত জুনত এইমছৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হ'বঃহিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা,১২ জুলাইঃ কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত চাংসাৰিত প্ৰায় ৫৭১বিঘা ভূমিত নিৰ্মীয়মান এইমছৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লবলৈ আহি আজি চাংসাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। তেওঁলোক উপস্থিত হৈয়েই এইমছৰ কৰ্মৰত নিৰ্মীয়মান কোম্পানী(এন.চি.চি.)ৰ কৰ্ত্তৃপক্ষৰ এইমছ্ কাম-কাম সম্পৰ্কে এক দীঘলীয়া আলোচনা মিলিত হয়।ইয়াৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে- দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তৎপৰতাত আমি ৰাজ্য চৰকাৰে এইমছ নিৰ্মাণ কৰাৰ সুযোগ লাভ কৰিলোঁ।এই এইমছ্ নিৰ্মাণ হ’লে উত্তৰ পূৰ্বাঞ্চলে নহয়,সমগ্ৰ দক্ষিণ পূব এছিয়াৰ উন্নত মানদণ্ডৰ চিকিৎসা কেন্দ্ৰ প্ৰতিষ্ঠিত হ’ব।

এই চাংসাৰীৰ এইমছৰ চাৰিওফালৰ ভৌগোলিক বাতাৱৰণে চিকিৎসা বিজ্ঞানৰ এই প্ৰতিষ্ঠান খন পৃথিৱীৰ ভিতৰতে আটাইতকৈ আকৰ্ষণীয়ৰূপে গঢ় লৈ উঠিব।এতিয়ালৈকে কৰোণা ভাইৰাছ বিৰুদ্ধে যুজঁ দি থকা সময়ত বা লকডাউন কাৰ্যসূচী চলি থকা হেতুকে এই এইমছ ৰ যথেষ্ঠ নিৰ্মাণ কাৰ্যত বহুখিনি অসুবিধা সন্মুখীন হৈছে।তৎসত্ত্বেও এই নিৰ্মাণ দায়িত্ব ত থকা কোম্পানীসমূহে নিষ্ঠাৰে দিনে-নিশাই কাম কৰিছে।তাৰোপৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিত্তমন্ত্ৰীয়ে কাম -কাজবিলাক বিশেষভাৱে চোৱাচিতাৰ কৰাৰ বাবে এই এইমছৰ কামৰ অগ্ৰগতিত ৰাজ্য চৰকাৰৰ সহযোগিতা ত কোনোধৰণৰ অসুবিধা হোৱা নাই ।

আনহাতে, স্থানীয় জালুকবাৰী সমষ্টিৰ বিধায়ক তথা বিত্ত মন্ত্ৰী গৰাকীয়ে এইমছ্ সম্পৰ্কত কয় যে- এইমছ সঞ্চালক আৰু আৰু কাৰ্যকাৰী সঞ্চালকক অহা ১৫ দিনৰ ভিতৰত নিযুক্তি দিয়া হ’ব।২০২১চনত জুনত এইমছৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হ’ব। চলিত বছৰতে এইমছ্ প্ৰথম বৰ্ষ চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব পাৰিব।এই বৰ্ষৰ শিক্ষাৰ্থীসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত শিক্ষাদান কৰা হ’ব।তাৰোপৰি ভিন্ন দেশ-ৰাজ্য ত অসমৰ যিমান মানৱ সম্পদ আছে, তেওঁলোকক এইমছৰ জড়িয়তে ওভতাই অনাৰ উদ্দেশ্যেৰে চৰকাৰে প্ৰচেষ্টা হাতত লব।

You might also like