নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৰীয়াত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ জুৰীয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কালি নিশা স্থানীয় উদমাৰী গাঁৱত অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। এক গোপন খবৰৰ ভিত্তিত জুৰীয়া থানাৰ ভাৰপ্রাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত চলা অভিযানত বালুগুটিয়াৰ নুৰ ইছলামৰ ঘৰৰ পৰা জব্দ কৰে ড্ৰাগছৰ সাতটাকৈ পেকেট ৷ অৱশ্যে কৌশলেৰে পলায়ন কৰে ড্ৰাগছ ব্যৱসায়ী নুৰ ইছলামৰ ৷ জব্দ কৰা ড্ৰাগছৰ মূল্য প্ৰায় চাৰি লাখ টকা হ’ব ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত নুৰ ইছলামে চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়৷ পলাতক ড্ৰাগছ ব্যৱসায়ী নুৰ ইছলামক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে।

You might also like