নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাগসাৰ সুৱাগপুৰত বিটিচি নিৰ্বাচনকেন্দ্ৰিক সংঘাত

নিয়মীয়া বাৰ্তা, ১২ জুলাইঃ বান আৰু কৰ’না ভাইৰাচৰ সংহাৰৰ মাজতে বিটিচিত আৰম্ভ হৈছে নিৰ্বাচনী সংঘাট।আজি আবেলী বাগসাৰ সুৱাগপুৰত বিজেপিৰ যুৱ মৰ্চাই বিপিএফ দলৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে।প্ৰতিবাদকাৰী সকলে অভিযোগ কৰি কয় যে বিটিচি নিৰ্বাচনৰ প্ৰচাৰৰ অশংস্বৰূপে কালি গেৰুৱা দলটোৱে বিটিচিৰ শুক্লাই চেৰফাং সমষ্টিৰ একাংশলোকৰ অনুমতি লৈ ঘৰৰ চৌহদত গেৰুৱা দলটোৰ পতাকা উৰুৱায়।কিন্তু আজি উক্ত স্থানত গেৰুৱা দলটোৰ পতাকাৰ বিপৰীতে কিছু নিলগত বিপিএফ দলটোৰ পতাকা আৰি থোৱা থাকে।উক্ত কাৰ্যক বিজেপি দলটোৰ নেতা-সমৰ্থকসকল উত্তেজিত হৈ পৰে।বিজেপিৰ যুৱ মৰ্চাই এই বিষয়ে সুৱাগপুৰ আৰক্ষী চকীত অভিযোগ দিয়ে।অভিযোগ মৰ্মে আৰক্ষী সুৱাগপুৰত থকা প্ৰাক্তন বিএলটিৰ কাৰ্যালয়ৰ পৰা বিজেপি দলটোৰ পতাকা কেইখন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে।পিছত গেৰুৱা দলটোৰ যুৱ মৰ্চাৰ নেতষ-কৰ্মী সকলে সুৱাগপুৰত এক প্ৰতিবাদী সমদল কৰি আৰক্ষী চকীলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী সকলে বিপিএফৰ গুণ্ডাগিৰি নচলিব, বিপিএফ গ’ বেক, অপৰাধীক কৰায়ত্ত কৰি শাস্তি দিয়ক, বিজেপি জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ যথৱ মৰ্চাৰ কৰ্মী সকলে।লগতে আৰক্ষীক শীঘ্ৰে অপৰাধিক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।

You might also like