ছিপাঝাৰত বানৰ প্ৰলয়ৰ মাজতে শিহৰণকাৰী ঘটনা
নিয়মীয়া বাৰ্তা, ১২জুলাইঃ ৰাখে হৰি মাৰে কোনে , মাৰে হৰি ৰাখে কোনে! হৰিয়ে ৰক্ষা কৰাৰ কাৰণেই হয়তু বাঢ়নী পানীৰ কোবাল সোতৰ সন্মুখীন হৈও সৌভাগ্য ক্ৰমেই প্ৰাণ ৰক্ষা পৰিল এগৰাকী লৌকৰ।উল্লেখযোগ্য বাঢ়নী পানীৰ প্ৰকোপৰ মাজতে আজি ছিপাঝাৰত লোকচক্ষুৰ সন্মুখতে সংঘটিত হয় এক শিহৰণকাৰী ঘটনা।
খৰস্ৰোতা ননৈৰ প্ৰবল সোতে আলিখা পাৰাত আজি পুৱতি নিশা মথাউৰি ভগাৰ পিছতে ভগ্নাংশৰে হোৰা হোৰে প্ৰবেশ কৰে বাঢ়নী পানী।ভৰা ননৈৰ পানী ভগ্নাংশৰে পাৰ হওতে পানীৰ সোত কিমান ভয়াবহ হব পাৰে সেয়া অনুমেয়।পুৱতি নিশা ৪-২০ মানত মথাউৰি ভগাৰ পিছত স্বাভাৱিকতে স্হানীয় ৰাইজ গোট খাই উক্ত অংশত।কিন্তু হঠাতেই ঘটিল এই শিহৰণ কাৰী ঘটনা।আলিখাপাৰাৰ হেমচন্দ্ৰ ডেকা নামৰ লোকজনে বাৰম্বাৰ মথাউৰিৰ ভগ্নাংশৰ বোৱতী সোতলৈ নামি যোৱাৰ প্ৰয়াস কৰে।
উপস্থিত ৰাইজে বাৰম্বাৰ হস্তক্ষেপ কৰি থকাৰ মাজতেই ” মই মৰিমেই” বুলি নামি যায় এবাৰ।পিছে সামান্য নামি যাওতেই পানীৰ তীব্ৰ সোতে উটুৱাই লৈ যায় লোকজনক।ঘটনাৰ আকস্মিক তাত উপস্থিত ৰাইজ হতচকিত হৈ পৰে যদিও শ্বাসৰূদ্ধকৰ সময়ৰ পিছতে আৰক্ষী আৰু ৰাইজৰ প্ৰচেষ্টাত কোনোমতে হানি বিঘিনি নোহোৱাকৈ ৰক্ষা পৰে প্ৰাণ।উল্লেখযোগ্য যে পাণৰ ব্যৱসায় কৰা লোকজন লকডাউনৰ ফলত কৰ্মহীন হৈ পৰি সুৰা আসক্ত হৈ পৰাৰ লগতে কিছু পৰিমাণে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল।পূৰ্বতেও এনে ধৰণৰ অদ্ভুত কাৰ্য সংঘটিত কৰা লোকজনে মানসিক অস্হিৰতাৰ বাবেই এনে ঘটনা সংঘটিত কৰা বূলি সন্দেহ কৰিছে প্ৰত্যক্ষ দৰ্শীয়ে।আনকি এবাৰ এনেদৰে প্ৰাণৰক্ষাৰ পিছতো পুনৰ একে ধৰণৰ কাৰ্য কৰিবলৈ উদগ্ৰীৱ হোৱাত আনকি ৰাইজে কিছু সময় গছত বান্ধি থব লগীয়া পৰিস্থিতিৰো সৃষ্টি হয়।ইফালে আজি ননৈয়ে আলিখাপাৰাত পুব দিশৰ মথাউৰি ছিগাৰ ফলত আলিখাপাৰাকে ধৰি পাথৰিঘাট ৰাজহ চক্ৰৰ নিৰণচুবা,,বৰকলিয়াঝাৰ,জয়পাল,বৰকুমাৰপাৰাৰ, পাথৰিঘাট,,তুৰাই প্ৰভৃতি গাও জলমগ্ন হৈ পৰে।আনহাতে মথাউৰিৰ ভগ্নাংশ পৰিদৰ্শন কৰি ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই পানীৰ সোত কমিলেই তৎকালীন ভাবে মেৰামতি কৰা হব বুলিও প্ৰকাশ কৰে।