নগাঁৱত বানত দুজনৰ সলিলসমাধি
নিয়মীয়া বার্তা, ১২ জুলাইঃ কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ বাবে বৰপানী নদীয়ে নগাওঁ জিলাৰ বৃহত্তৰ কচুৱা অঞ্চলয় সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ যোৱা কালি মাধৱপাৰাৰ সাতটা পৰিয়ালৰ বাসস্থান বানে উঠোৱাই নিয়াৰ পিচত স্থানীয় ৰাইজে গৃহহীন লোকসকলক মাধৱপাৰা বালিকা প্ৰাথমিক বিদ্যালয় আশ্ৰয় শিবিৰত ৰাখিছে ৷ ইপিনে যোৱা নিশা বৰবিল আমগুৰিৰ বিশেশ্বৰ বসুমতাৰী নামৰ এজন লোকক পানীৰ সোঁতে উটোৱাই নিয়াত অঞ্চলটোত হাহাকাৰৰ সৃষ্টি হয় ৷ আজি পুৱা পুখুৰী এটাৰ পাৰত বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ কৰে ৷
বিগত দুটা মাহৰ ভিতৰতে চাৰিবাৰকৈ হোৱা বানে বৃহত্তৰ কচুৱাৰ জনজীৱন সম্পূৰ্ণভাবে সৰ্বস্বান্ত কৰি পেলাইছে ৷ বৰপানীৰ বানে আজি মাধৱপাৰা, ৰজাআলি, ৰমনিপথাৰ, হাতীখুটি, বিৰিঙাআটি, ফাকলি, বগৰিতলা, সোনাৰুগুৰি, উজানমাৰী, শিমলুগুৰি, শিশুৱাপাৰ, পুঠিমাৰী, গৰুবান্ধা, মৰিসুতি, কচুৱা, হালধিআটি, চানখোলা, উপৰকাহুন্দা,ডুমাইহাগী ,লংজাপ,নেপালীবস্তি, মিনাৰপাম, দাপাৰা, জুৰিৰপাৰ, পদুমনি, বৰবিল, কালাবিল, সাতশ একৰ, আলিটাঙনি, ৰাঙুলুবস্তি আৰু গেৰজাইপামকে আদি কৰি প্ৰায় ষাঠিখন গাওঁঁ বুৰাই পেলাইছে ৷ ইয়াৰে মাধৱপাৰা পৰা ৰমনিপথাৰ পথ, ৰজাআলিৰ পৰা নদীৰপাৰ পথ, কচুৱা ৰজাআলিৰ পৰা ৰমনিপথাৰ পথ, কচুৱাৰ পৰা উজানমাৰী আৰু বিৰিঙাআটি পথ, গেৰজাইপামৰ পৰা কাজিৰঙা পথ, সাতলুঙাৰ পৰা দাপাৰা পথ, সাতশ একৰ পৰা লংজাপ পথ আৰু আলিটাঙনিৰ পৰা ৰাঙুলুলৈ যোৱা পথ সমূহৰ ওপৰেদি পানী বৈ যোৱাত যাতায়াত যোগাযোগ ব্যাহত হৈ পৰিছে ৷ বৰপানী নদীৰ ভগা মথাউৰি মেৰামতি নকৰাৰ বাবেই মাত্ৰ দুদিন বৰষুন দিলেই বানে তাণ্ডৱ চলাই কৃষক ৰাইজক আৰ্থিকভাবে পঙ্গু কৰি তোলে৷ ইতিমধ্যে হৈ যোৱা বানত কৃষকৰ বৰোধানৰ খেতি, শাক পাচলি আৰু পুখুৰীৰ মাছ ধ্বংশ হোৱাৰ পিচত এইবাৰৰ বানত একমাত্ৰ আশাৰ সম্বল শালিধানৰ কঠীয়াও জাহ যোৱাত দিকবিদিক হেৰুৱাই পেলাইছে কৃষকে ৷
কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড° সংগীতা বৰঠাকুৰ ,জলসম্পদ বিভাগ আৰু গড়কাপ্টানি বিভাগৰ বিষয়াই বৰপানী নদীৰ ভগা মথাউৰি পৰিদৰ্শন কৰি গৈছে যদিও বানাক্ৰান্ত লোকৰ বাবে কোনো সাহাৰ্য প্ৰদান নকৰাৰ অভিযোগ উঠিছে৷ আনহাতে নগাওঁ জিলাৰ চামগুৰি-কলিয়াবৰ ৰাজহচক্ৰৰ ভূৰবন্ধা, বৰঘুলি আদিত ব্ৰহ্মপুত্ৰ নদীৰ বানপানীয়ে বিস্তৃত এলেকা প্লাৱিত কৰি তুলিছে। ২ নং, ৩ নং, ৪ নং ভূৰবন্ধাৰ লগতে ভগামুখ, বৰঘুলি আদি কেইবাখনো গাঁও ব্ৰহ্মপুত্ৰৰ বানপানীয়ে বুৰাই পেলোৱাত গাঁও বাসীয়ে ওখ স্থানত আশ্ৰয় লৈছে। ব্যাপক ভাৱে খেতিপথাৰ নষ্ট হৈছে। বানাক্ৰান্ত লোকসকলৰ ঘৰ দুৱাৰৰো ক্ষতি সাধন হৈছে বুলি জানিব পৰা গৈছে। ৪ নং ভুৰবন্ধাৰ এটি কৃষিবান্ধ ব্ৰহ্মপুত্ৰৰ পানীয়ে বুৰাই নিয়াত ন ন অঞ্চল পানীয়ে বুৰাই পেলাইছে ।
ইপিনে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যও ব্ৰহ্মপুত্ৰৰ পানীয়ে প্লাৱিত কৰিছে। ফলত অভয়াৰণ্য দুখনৰ জীৱজন্তু নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। অভয়াৰণ্য দুখনৰ কেইবাটাও বনশিবিৰত পানী সোমাইছে। ইপিনে যোৱানিশা কলিয়াবৰৰ শিলঘাটৰ চামধৰা গাঁৱৰ দীপক শইকীয়া(২৮) নামৰ এজন যুৱক ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত মাছ ধৰিবলৈ গৈ মৃত্যুক সাৱটি লয়। আজি বিয়লি যুৱক জনৰ মৃতদেহ উদ্ধাৰ হয়। যুৱকজন অসম সমবায় মৰাপাট কলৰ কৰ্মচাৰী আছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ কৱলত পৰি নিৰাপদ আশ্ৰয়ৰ সন্ধানত ২০ ৩০ টাৰো অধিক পহু শিলঘাট কামাখ্যা আদি অঞ্চলত পৰিলক্ষিত হৈছে। এই পহু কেইটাৰ জীৱনলৈ সংশয় নামি আহিছে।