নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও জিলাত ব্ৰহ্মপুত্ৰ-কপিলী-বৰপানীৰ সংহাৰী ৰূপ

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ নগাঁও জিলাত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। বিগত কেইবাদিন ধাৰি ৰাজ্যখনৰ লগতে নগাঁও জিলাটো নেৰানেপেৰা বৰষুন হৈ থকাৰ ফলত জিলাখনৰ নৈ উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি হৈ জিলা খনৰ ন ন অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে। জিলা খনৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু জিলা খনৰ কপিলি, বৰপানী, কলং, হাৰিয়া, ননৈ, নৈকে ধৰি আন কেইবাখনো নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। নগাঁও জিলা প্ৰশাসনে আজি বিয়লি প্ৰকাশ কৰা তথ্য অনুসৰি জিলাখনৰ কলিয়াবৰ, ধিং, চামগুৰি, ৰহা, কামপুৰ ৰাজহ চক্ৰৰ এলেকাধীন বহু অঞ্চল বানৰ কবলত পৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি কলিয়াবৰ, ধিং চামগুৰি, ৰাজহচক্ৰৰ ৩০ খনৰো অধিক বানপানীয়ে বুৰাই পেলাইছে। কলিয়াবৰ ৰাজহচক্ৰৰ ১নং, ২নং বিহডুবি, ৪নং গাখীৰ খাইটি, শিলঘাট, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও জিলা অংশত পৰা ১নং, ২নং হাৰমতী, ন-জান, বাঘমাৰী, দেওপানী, কুঠৰী আদিৰ লগতে চামগুৰি ৰাজহ চক্ৰৰ ১নং, ৪নং, ৫নং, ৬নং, ৭নং ভগামুখ, ২,৩,৪ নং ভূৰবন্ধা বজাৰ গাওঁ বনগাঁও আদি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলুৱাত কেইবা হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। সহস্ৰাধিক লোকে ওখ স্থানত আশ্ৰয় লৈছে। বানপানীৰ সমান্তৰালভাবে বৰঘুলি আৰু ভূৰবন্ধা অঞ্চলত ব্ৰক্ষ্মপুত্ৰৰ নদীয়ে ব্যাপক খহনীয়াৰ দৃষ্টি কৰিছে। ফলত কেইবাখনো গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ হৈছে। গৃহ হীন হৈ পৰিছে বহু লোক। বছৰটোৰ চতুৰ্থটো বানত ব্ৰহ্মপুত্ৰৰ নদীয়ে শিলঘাট – ধিং ৰিং বান্ধৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। ৰিং বান্ধটোৰ সুতিৰপাৰ, ভগামুখ, গাখীৰ খাইটিকে ধৰি ঠায়ে ঠায়ে পানী নিৰ্গত হৈছে বুলি জলসম্পদ বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। আনহাতে কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত ৭০ খনৰো অধিক গাঁও বৰপানী আৰু কপিলি নৈৰ কবলত পৰিছে। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই ছয়খন গেটেৰে পানী এৰি দিয়াৰ ফলত বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ কামপুৰৰ ৰাজহ চক্ৰৰ মাধৱপাৰা, পুঠিমাৰী, হাল্দিআটী, লং জাপ8, বৰবিল, আদিকে ধৰি ৩০ খন গাওঁ, ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত পদুমনি, চাইমৰা, হাতীমূৰা বিলকে ধৰি ৩৯ খনৰো অধিক গাঁও বানৰ কৱলত পৰিছে। প্ৰাপ্ত তথ্য মতে জিলাখনৰ কলিয়াবৰ ৰাজহচক্ৰৰ ১০ হাজাৰৰো অধিক লোক,চামগুৰি ৰাজহ চক্ৰৰ ১৩ হাজাৰৰো অধিক লোক, কামপুৰ ৰাজহ চক্ৰক ৭ হাজাৰৰো অধিক লোক আৰু ৰহা ৰাজহ চক্ৰত সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এইবাৰৰ চতুৰ্থটো বানত জিলাখনৰ ১৫১ খন ৰাজহ গাঁৱৰ ৩৯ হাজাৰটা কৃষক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১৬ হাজাৰ হেক্টৰ এলেকাৰ খেতি পথাৰ নষ্ট হৈছে। প্ৰায় ২২০০০ৰো অধিক পশুধনৰ ক্ষতি হৈছে। তদপুৰি কছুৱা অঞ্চলৰ ৬টাৰ অধিক পথৰ ওপৰেৰে পানী বৈ থকাত ৰাইজৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ আছে। কপিলি নৈৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ থকাত আজি বিয়লি ভাগত আজি বিয়লি ভাগত কামপুৰ অঞ্চলৰ গুইমাৰী, গৰু খুন্দা, কুৱঁৰীআটি, নতুন আদৰ্শ গাঁও সম্পূৰ্ণৰূপে বুৰাই পেলাইছে। জিলা খনৰ বিভিন্ন স্থানত বহু বানপীড়িত লোকে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে যদিওঁ জিলা প্ৰশাসনে এই লোক সকলক উপযুক্ত সাহাৰ্য্য প্ৰদান নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।জলসম্পদ মন্ত্ৰীৰ গৃহ জিলা কলিয়াবৰত বানপানীয়ে সংসাৰী ৰূপ ধাৰণ কৰাৰ পিছতো বানাক্ৰান্তৰ খবৰ নোলোৱাৰ অভিযোগ তুলিলে একাংশ বানপীড়িতই। আজি জিলাখনৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ পানী ৭৩ ছে, মি, বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে কামপুৰত কপিলীৰ পানী বিপদ সীমাৰ প্ৰায় ১ মিটাৰ আৰু নগাঁও নগাঁও চহৰত কলং নৈৰ পানী বিপদ সীমাৰ ২৫ ছে, মি ওপৰেৰে বৈ আছে। লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ ৯৫ শতাংশ এলেকা ব্ৰহ্মপুত্ৰৰ বানৰ কৱলত পৰিছে। ফলত অভয়াৰণ্য খনৰ জীৱ-জন্তুৰ বিলয় বিপত্তি নোহোৱা হৈছে। নিৰাপদ স্থানৰ সন্ধানত জীৱ জন্তু অভয়াৰণ্য দুখনৰ পৰা বাহিৰলৈ ওলাই আহিছে। শেহতীয়া খবৰ অনুসৰি ব্ৰহ্মপুত্ৰ নদীয়ে ৩ নং ভূৰবন্ধাত থকা কৃষিবান্ধটো ভাঙি পেলোৱাৰ ফলত বহু লোক বানৰ কৱলত পৰিছে। এই অঞ্চলৰ লোকসকলক প্ৰশাসনে নিৰাপদ স্থানলৈ স্থানান্তৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

You might also like