নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা অগপত খহনীয়া; নগাঁৱত অগপ নেতা-কৰ্মীৰ কংগ্ৰেছত যোগদান

নিয়মীয়া বাৰ্তা, ১৩ জুলাই : নগাঁৱৰ অগপ শিবিৰত মোক্ষম আঘাত হানি ৰহাৰ অগপৰ অৰ্ধ শতাধিক অগপ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগ দিলে কংগ্ৰেছ দলত। আঞ্চলিক দলটোৰ নেতাসকলৰ কাৰু-কাৰ্যত অতিষ্ঠ হৈ নগাঁৱত কংগ্ৰেছত যোগদান কৰিলে ৰহাত আঞ্চলিক দলটোৰ ধ্বজা উৰুৱাই ৰখা অৰ্দ্ধ শতাধিক নেতা-কৰ্মীয়ে ।

ৰহাৰ যুৱনেতা জ্যোতিষ্মান কোঁৱৰ আৰু অভিজিৎ কোঁৱৰৰ নেতৃত্বত কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পাঁচ টকাৰ সদস্যপদ গ্ৰহণ কৰি কংগ্ৰেছ দলত যোগদান কৰে সমষ্টিটোৰ অৰ্দ্ধশতাধিক নেতা-কৰ্মীয়ে । এইসকল নেতা-কৰ্মীৰ ভিতৰত আছে অগপৰ প্ৰয়াত নেতা প্ৰসন্ন কোঁৱৰৰ পুত্ৰও । সোমবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাৰ উপস্থিতিত এইসকল নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে ।

সামাজিক দূৰত্ব বৰ্তাই সম্পন্ন হোৱা এই অনুষ্ঠানত কংগ্ৰেছৰ কে’বাজনো নেতা-কৰ্মীসকলো উপস্থিত থাকে । এই অনুষ্ঠানৰ ভাষণ প্ৰসংগত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে অগপ-বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে কা বিৰোধী সকলো শক্তি একত্ৰিত হৈ ২০২১ ত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰে ।

You might also like