নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রয়াত অশ্বিনী চেতিয়াৰ অন্ত্যেষ্টিক্রিয়াৰ পৰাই ক’ৰোনা সংক্রমণৰ সম্ভাৱনা শিৱসাগৰত

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ সদ্যপ্রয়াত প্রাক্তন আছু নেতা তথা বিজেপি নেতা অশ্বিনী চেতিয়াৰ দুই ভাতৃ মুকুল চেতিয়া আৰু প্রশান্ত চেতিয়া ক’ৰোনাত আক্রান্ত হোৱা ঘটনাই শিৱসাগৰত তীব্র শংকা সৃষ্টি কৰিছে৷ কিয়নো অশ্বিনী চেতিয়াৰ মৃত্যুৰ পাছতেই মৃতদেহৰ লগত বন্ধুবর্গ আৰু দুই ভাতৃ গুৱাহাটীৰ পৰা শিৱসাগৰত উপস্থিত হৈছিল৷ পৰৱর্তী সময়ত হাঁহচৰা নপাম চেতিয়া গাঁৱত অশ্বিনী চেতিয়াৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল৷

য’ত উপস্থিত আছিল দুই সাংসদ তপন গগৈ, কামাখ্যাপ্রসাদ তাছা, বিধায়ক কুশল দুৱৰী, ৰাজ্যিক মন্ত্রী যোগেন মহন, জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাসহ কেইবাজনো লোক৷ ৰাজনৈতিক নেতা আৰু প্রশাসনৰ লোক উপস্থিত থকা শেষকৃত্য সম্পূর্ণৰ পাছতেই অশ্বিনী চেতিয়াৰ দুই ভাতৃ ক’ভিড আক্রান্ত হোৱা ঘটনাই উপস্থিত থকাসকলৰ শংকা বৃদ্ধি কৰিছে৷ ইফালে জিলাখনত ক’ৰোনা আক্রান্তৰ সংখ্যা ৮৪লৈ বৃদ্ধি হৈছে৷

You might also like