নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ইয়াৰ প্ৰভাৱ পৰিব এইবাৰ স্বাধীনতা দিৱসত । এইবাৰ লালকিল্লাত স্বাধীনতা দিৱসৰ পেৰেডত অংশ নলয় কেডেটছ আৰু শিক্ষাৰ্থীয়ে ।
ইপিনে জানিব পৰা মতে, এইবাৰ পূৰ্বৰ তুলনাত কিছু সালসলনি দেখা যাব স্বাধীনতা দিৱসত ।
এক খবৰ অনুসৰি, ১৫ আগষ্টৰ দিনা লালকিল্লাত অনুষ্ঠিত অনুষ্ঠানত ১৫০০ এনে লোকে অংশ ল’ব যিসকলে ক’ৰোনাৰ সৈতে যুঁজত জয়ী হৈছে । ইয়াৰ ভিতৰত ৫০০ স্থানীয় আৰক্ষী আৰু বাকী আনসকল দেশৰ বিভিন্ন স্থানৰ লোকে অংশ গ্ৰহণ কৰিব ।
উল্লেখ্য যে প্ৰতি বছৰে লালকিল্লাত প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ ১০ হাজাৰৰো অধিক লোক লালকিল্লাত সমবেত হয় । কিন্তু এইবাৰ পূৰ্বৰ দৰে লালকিল্লাত দেখা নাযাব অধিক লোকৰ সমাবেশ ।