লালী নদীৰ বানত বিধ্বস্ত বহু পৰিয়ালৰ বাসগৃহ
নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ কেবাদিনো ধৰি বানত জলমগ্ন হৈ থকা জোনাইৰ বানপীড়িত অঞ্চলৰ ৰাইজৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।লালী নদীৰ বাঢ়নী পানীয়ে জোনাই ৰাজহ চক্ৰৰ বৰং অঞ্চলৰ কেইবাখনো গাঁৱৰ কেবাটাও বানাক্ৰান্ত পৰিয়ালৰ বাসগৃহ বিধ্বস্ত কৰি পেলায়।বৰং মজদুৰ গাঁৱৰ শংকৰ ওৰাং, বৰং এৰাসূঁতি গাঁৱৰ মিনেশ্বৰ চুতীয়া, ২ নং চৰাইবাৰী গাঁৱৰ মনিকা টায়ে, ২ নং কৰ্ণপুৰৰ দেৱ ৰাভা, কানুৰাম বড়ো, বৰং পিপ’লগুৰী গাঁৱৰ লজেন পেগু, জাউঘূলী মিচিং গাঁৱৰ প্ৰফুল্ল পেগু, সীতাৰাম চাপৰিৰ হীৰাকান্ত পেগুৰ বাসগৃহ লালী নদীৰ বানে সম্পূৰ্ণ বিধ্বস্ত কৰি পেলায়।গালীঘাটৰ পৰা কৰ্ণপুৰ সংযোগী লালী নদীৰ মঠাউৰিটোৰ গালীঘাটৰ পৰা বৰং কৃঞ্চপুৰলৈকে লালী নদীৰ বাঢ়নী পানীয়ে ছিন্ন ভিন্ন কৰি পেলোৱাৰ লগতে সাধুঘাটৰ অংশই দি লালী নদীৰ সূঁতি সোমাই বৰং অঞ্চলৰ বৰং মজদুৰ, বৰং আহোম, বৰং এৰাসূঁতি, বৰং তিনিসূঁতি, মুক্তিয়াৰ, মদাৰগুৰী গাঁও কেইখনৰ লগতে বৰং চৰাইবাৰী গাঁৱৰ অধিকাংশ পৰিয়ালৰ ঘৰভেটি আজিও জলমগ্ন কৰি পেলাইছে ।কেবাদিনো ধৰি ব্ৰহ্মপুত্ৰ,লালী নদীৰ বানত জলমগ্ন হৈ থকাৰ ফলত তীব্ৰ খাদ্য সংকটত ভোগা চৰ চাপৰি অঞ্চল মেচাকি চাপৰিৰ পশু ধনৰ মৃত্যু মুখত পৰিছে । মেচাকি চাপৰিৰ দদেৰে গাঁৱৰ মহেশ্বৰ বসুমতাৰীৰ এটা দমৰা গৰু বানৰ কবলত মৃত্যু হোৱাৰ লগতে আন’ চাপৰি গাঁৱৰ লক্ষ্যনাথ পায়েঙৰ দুজনী গাই, কয়লা আলিৰ মনিৰাম দলেৰ পাঁচজনী গাই,চমকঙৰ চেঙাজান গোৱালা গাঁৱৰ দশৰথ মালাৰ এজনী গাই, দুটা দমৰা, ৰাজনাথ যাদৱৰ এটা দমৰা, যোগেন্দ্ৰ যাদৱৰ এটা দমৰা, বৰষা যাদৱৰ এজনী চেউৰী গৰু বানৰ কবলত মৃত্যু হৈছে।খাদ্য সংকটৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হবলৈ ধৰিছে বানপীড়িত অঞ্চলৰ পশু ধনৰ।লালী নদীৰ বাঢ়নী পানীয়ে গালী চিকাৰী গাওঁ পঞ্চায়তৰ কেবাখনো গাঁৱৰ খেতিয়কৰ আহু খেতি বিস্তৰ ক্ষতিগ্ৰস্ত কৰিছে।চপাব লগীয়া বহু খেতিয়ক পৰিয়ালৰ কাটি থোৱা আহু ধানৰ মুঠি আৰু ডাঙৰী বিস্তৰ ক্ষতিগ্ৰস্ত হৈছে বানৰ কবলত ।