নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি হ’ব বাঘজানৰ ভৱিষ্যৎ?

বাঘজান কাণ্ডক লৈ ৰাজনীতি চলিছে নেকি!

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ “অইল ইজ ন’ট জাষ্ট এ মাল্টি-লিলিয়নায়াৰ নৱৰত্ন কোম্পানী, ইট ইজ অলছ’ এন্ ইম’ছন। আৱাৰ পেৰেণ্টছ পুট ইন্ এ লট্ অৱ ভেল্যুজ এণ্ড হাৰ্ড ৱৰ্ক এণ্ড উই ৱউণ্ট লেট পিপ’ল উইথ হাফ ন’লেজ ডিফাইন এণ্ড মেনিপ’লেট দেয়াৰ ম’টোছ এণ্ড কোৱেশ্চন দেয়াৰ হাৰ্ড ৱৰ্ক।” সমগ্ৰ দেশ কঁ‌পাই যোৱা বাঘজান কাণ্ডৰ মাজতে অইল ইণ্ডিয়া লিমিটেডে এনেদৰেই প্ৰচাৰ চলাই নিজকে নিকা আৰু দায়িত্বশীল কোম্পানী হিচাপে জনমানসত জাহিৰ কৰি প্ৰকৃত স্বৰূপ লুকুৱাই ৰাখিবলৈ অপচেষ্টা কৰিছে।

আজি দুকুৰি সাত দিন অতিক্ৰম কৰাৰ পাছতো অপৰিৱৰ্তিত অৱস্থাতেই থাকি গ’ল বাঘজানৰ পৰিস্থিতি। তাতে ভূতৰ ওপৰত দানহ পৰাদি ২০০৪ চনৰ প্ৰচণ্ড বানকৈও অধিক প্ৰবল ৰূপধাৰণ কৰা বান পানীয়ে বিধ্বস্ত কৰি তোলে বাঘজানৰ পৰিৱেশ- পৰিস্থিতি। উল্লেখ্য যে অইল ইণ্ডিয়াৰ ডিকম(ডিব্ৰুগড়)খাদত ২০০৫ চন আৰু অ’ এন্ জি চিৰ ৰূদ্ৰসাগৰ(শিৱসাগৰ)ত ১৯৭০ চনৰ দুৰ্ঘটনাৰ উদাহৰণ আৰু অভিজ্ঞতাৰ পাছতো বাঘজানবাসীক বলিৰ পঠা সজাই অইল ইণ্ডিয়াই যুগ যুগ ধৰি লুণ্ঠন অব্যাহত ৰাখি নিজৰ অসাৱধানতা আৰু কৰ্ম দক্ষতাৰ অভাৱৰ হেতু মানুহৰ জীৱন- জীৱিকাৰ লগতে চৌদিশৰ জৈৱ- বৈচিত্ৰ্য ধ্বংস কৰি নিজেই কৌটি কৌটি টকাৰ লোকচান ভৰিব লগা হৈছে। তথ্য মতে কেৱল ধ্বংসস্তুপত পৰিণত হোৱা বি জি আৰ্ ৫ ৰ পৰাই দৈনিক ৮০ হাজাৰ ষ্টেনডাৰ্ড কিউবিক মিটাৰ প্ৰাকৃতিক গেছৰ উৎপাদন ৰুদ্ধ হৈ পৰিছে।

৩,৮৭০ মিটাৰ গভীৰতাৰ ২০০৬ চনতে খন্দা খাদটোৰ ভৰ(প্ৰেছাৰ) স্বাভাৱিক ২,৭০০ পি এছ্ আইতকৈ প্ৰায় দুগুণ অধিক (৪,২০০ পি এছ্ আই)। অইল ইণ্ডিয়াই মাজে মাজে প্ৰকাশ কৰা প্ৰেছ টোকা সমূহেও উদঙাই দিছে কোম্পানীটোৰ সন্দেহজনক ভূমিকাৰ কথা। ২৭ মে’ৰ ব্ল’ আউটৰ দিনা প্ৰকাশ কৰা প্ৰেছ বিবৃতিত প্ৰাকৃতিক গেছৰ সতে ক্ষতিকাৰক কণ্ডেণ্টছেট নিৰ্গমনৰ কথা কোৱা হোৱা নাছিল।

উল্লেখ্য যে নেচাৰেল হাইড্ৰ’কাৰ্বনৰ ‘নেচাৰেল গেছ- কণ্ডেণ্টছেট’ ক্ষতিকাৰক। অইলে প্ৰকাশ কৰা ৪ জুনৰ প্ৰেছ টোকাত কোৱা হৈছিল যে নেচনেল এনভাইৰ’ণ্টনেণ্টেল ইঞ্জিনীয়াৰিং ৰিছাৰ্চ ইনষ্টিটিউট, নাগপুৰ আৰু ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়া, দেৰাদুনক ‘ইম্পেক্ট এছেছ্মেণ্ট ষ্টাডিজ’ (ই আই এ)ৰ বাবে দয়িত্ব দিয়াৰ কথা কোৱাৰ ৫ দিনৰ পাছতে ৯ জুন তাৰিখে অৰ্থাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ দিনা প্ৰকাশ কৰা আন এক বিবৃত্তি যোগে কোৱা হয় যে ই আই এ ৰ দায়িত্ব পালনৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ এটা দল উপস্থিত হৈছেহি। উক্ত দলক দিয়া দায়িত্ব অনুসৰি গেছ- তেল নিৰ্গমণৰ ফলত ক্ষতিগ্ৰস্ত জীৱ- জন্তু আৰু মানুহক বাদ দি কেৱল ভেজিটেচনৰ ওপৰতহে এছেছমেণ্ট সীমাবদ্ধ ৰাখে।

কিন্তু আজি তাৰিখলৈকে সেই এছেছমেণ্টৰ প্ৰতিবেদনো ৰাজহুৱা কৰা নহ’ল। বাঘজান কাণ্ড সন্দৰ্ভত তিনিচুকীয়া জিলা প্ৰশাসনৰ ভূমিকা সন্দৰ্ভতো বিভিন্ন পক্ষই প্ৰশ্ন তোলা পৰিলক্ষিত হৈছে। আনহাতে বাঘজান মিলনজ্যোতি যুৱক সংঘই অইল ইণ্ডিয়া লিমিটেডক যোৱা ১৪ জুন তাৰিখে প্ৰদান কৰা স্মাৰক পত্ৰৰ ১৩ দফীয়া দাবী সন্দৰ্ভত কোনো পক্ষৰ ওচৰত সদুত্তৰ নাই। এতিয়ালৈকে অইলে প্ৰদান কৰা (এককালীন নে মধ্যৱৰ্ত্তীকালীন স্পষ্ট নহয়) ৩০ হাজাৰ টকীয়া অৰ্থসাহাৰ্য প্ৰায় ১৬ শটা পৰিয়ালে লাভ কৰাত বাদে কোম্পানী কিম্বা চৰকাৰৰ তৰফৰ পৰা অন্যান্য সা- সুবিধা লাভ কৰা নাই বাঘজানবাসীয়ে। এই সন্দৰ্ভত জানিব বিচৰাত বাঘজানৰ নেতৃস্থানীয় ব্যক্তি হেমন্ত মৰাণে কয় যে আন্দোলনৰ অবিহনে আইলে আজিলৈকে বাঘজানবাসীক কূটা এগজো দিয়া নাই। বাট-পথ, দলং, বিদ্যুৎ আদি সুবিধাসমূহ আদায়ৰ বেলিকা সুৰক্ষা বাহিনীৰ লাঠীৰ কোব আৰু ৰাবাৰৰ গুলী খোৱা ঘটনাসমূহ আজিও সজীৱ হৈ আছে। তেওঁ শিৱিৰত থকা লোকসকলৰ বাবে উৎকৃষ্টমানৰ খাদ্যৰ যোগান ধৰা হৈছে বুলি কৈ তাৎপৰ্যপূৰ্ণভাৱে বাঘজান কাণ্ডক কেন্দ্ৰ কৰি বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক দলে কূটিল ৰাজনীতি কৰিছে বুলিও মন্তব্য কৰে। যুৱক সংঘৰ দ্বাৰা প্ৰদান কৰা স্মাৰক পত্ৰত ক্ষতিগ্ৰস্ত হিচাপে কেৱল বাঘজান আৰু কলীয়াপানী গাঁৱৰ নাম উল্লেখ থকা সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ জানিবলৈ দিয়ে যে প্ৰকৃততে উক্ত গাঁও দুখনৰ লোকহে ভূক্তভোগী।

তেওঁ ডুমডুমাৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিজ, বিজেপি বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণ আৰু আটছাকে ধৰি বিভিন্ন পক্ষই সমস্যা সমাধানৰ নামত ৰাজনীতি কৰাৰ কথা উল্লেখ কৰে। তেওঁৰ মতে অগ্নিকাণ্ডত ভষ্মীভূত হোৱা বাসগৃহৰ সংখ্যা ১৬ টাৰ পৰিৱৰ্তে ১৩ টাহে। দাবীকৰা ৩০ লাখ টকাৰ পৰিৱৰ্তে উক্ত পৰিয়ালৰ লোকক অইলে ২০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰাৰ আশ্বাস দিয়ে বুলিও হেমন্ত মৰাণে জনায়। তেওঁ তাৎপৰ্যপূৰ্ণভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালৰ সংখ্যাৰ তালিকাভূক্ত কৰাৰ সময়ত বিভিন্ন কাৰণত মাত্ৰাধিক হোৱা বুলি স্বীকাৰ কৰি সম্প্ৰতি শুধৰণি কৰি থকা হৈছে বুলিও কয়। উল্লেখ্য যে বাঘজান কাণ্ড সন্দৰ্ভত মতামত জানিব বিচৰাত মিলনজ্যোতি যুৱক সংঘৰ সভাপতি সত্যজিৎ মৰাণে কৌশলগত ভাৱে আঁ‌তৰি থকা কাৰ্যই ৰহস্য ঘনীভূত কৰিছে।

You might also like