নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও কেন্দ্ৰীয় কাৰাগাৰত পুনৰ কভিড -১৯ৰ আতংক

নিয়মীয়া বাৰ্তা, ১৫ জুলাই : নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ চিকিৎসক ডাঃ পূৰ্ণানন্দ বৰা কভিড -১৯ত আক্ৰান্ত হোৱাৰ পাছত মঙলবাৰে পুনৰ কাৰাগাৰখনৰ আন এগৰাকী হাজোতী কভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে।

লক্ষীমপুৰ জিলাৰ লালুকৰ বাসিন্দা আব্দুল গফুৰ নামৰ ২৫ বছৰীয়া এই হাজোতী গৰাকী কভিড-১৯ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁৱৰ স্বাস্হ্য বিভাগে নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ পৰা স্হানান্তৰিত কৰি চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে- কাৰাগাৰ খনৰ এগৰাকী মহিলা হাজোতী দুদিন পূৰ্বে কভিড -১৯ত আক্ৰান্ত হৈছিল আৰু সেই হাজোতী গৰাকীক চিকিৎসক ডাঃ পূৰ্ণানন্দ বৰা ই স্বাস্হ্য পৰীক্ষা কৰাৰ পাছত এই সংক্ৰমণ বৃদ্ধি পায়। কালি নগাঁৱৰ স্বাস্হ্য বিভাগে কাৰাগাৰ খনৰ ২৭ জন বিষয়া কৰ্মচাৰীৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

You might also like