নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত গাহৰিৰ অস্বাভাৱিক মৃত্যুক লৈ আতংক

নিয়মীয়া বাৰ্তা, ১৫ জুলাই: তেজপুৰত হঠাৎ অস্বাভাৱিক ধৰণে গাহৰিৰ মৃত্যু হোৱা ঘটনাই সর্বসাধাৰণ লোকক চিন্তিত কৰি তুলিছে৷ ক’ভিড আতংকৰ সময়ত একেলগে প্রায় ৩০টা গাহৰিৰ মৃত্যুৱে আন এক আতংক সৃষ্টি কৰিছে চহৰখনত৷ ক’ৰোনাৰ সৈতে গাহৰিৰ মৃত্যুৰ ঘটনাৰ সম্পর্ক আছে নেকি? নে আফ্রিকান ছোৱাইন ফ্লুৰ দৰে মহামাৰীৰ কবলত পৰিছে৷ ডল্লেখ্য যে তেজপুৰৰ আমোলাপট্টিৰ হৰিজন কলনীত দুটা দিনত চৰকাৰী হিচাপত ১৬টা গাহৰিৰ অস্বাভাৱিক ধৰণে মৃত্যু হোৱাৰ ডপৰি চহৰখনৰ কেঁকোৰাপুল বাছ আস্থানত মৃত গাহৰি য’ত–ত’ত পৰি আছে৷ জানিব পৰা মতে, হৰিজন কলনীৰ অধিকাংশ চাফাইকম্য়ে তেজপুৰৰ ক’ভিড চিকিৎসালয় আৰু বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কাম কৰে আৰু তাৰ পৰা পেলনীয়া খাদ্য–সামগ্রী সংগ্রহ কৰি পোহনীয়া গাহৰিক খুৱায়৷ এই খাদ্য খাই গাহৰিৰ মৃত্যু হোৱা বুলি সন্দেহৰ অৱকাশ আছে যদিও মৃত গাহৰিৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পাছতহে প্রকৃত কাৰণ জানিব পৰা যাব৷

ইতিমধ্যে প্রাথমিক অনুসন্ধানত খাদ্যত বিষক্রিয়াৰ বাবেই অস্বাভাৱিক ধৰণে গাহৰিৰ মৃত্যু হোৱা বুলি জিলা পশুপালন বিষয়া তথা জ্যেষ্ঠ চিকিৎসক ডাঃ বিনয় বর্মনে সন্দেহ প্রকাশ কৰিছে৷ জিলা প্রশাসনৰ তৎপৰতাত পশু চিকিৎসা বিভাগে মৃত গাহৰিৰ নমুনা সংগ্রহ কৰি গুৱাহাটীৰ পৰীক্ষাগাৰলৈ প্রেৰণ কৰিছে৷ ইফালে তেজপুৰ পৌৰসভাই আজি ১৬টা মৃত গাহৰি বিজ্ঞানসন্মতভাৱে পুতি পেলোৱাৰ ব্যৱস্থা কৰিছে৷ স্থানীয় হৰিজন কলনীত নীতি বহির্ভূতভাৱে অস্বাস্থ্যকৰ পৰিৱেশত পোহা অসংখ্য গাহৰিয়ে চাৰিওকাষে অৱস্থিত কেইবাখনো শিক্ষানুষ্ঠানৰ পৰিৱেশো বিগত বহু বছৰ ধৰি বিনষ্ট কৰি আহিছে৷ ইয়াৰ মাজতে হৰিজন কলনীটোৰ কেইবাটাও গাহৰিৰ যোৱা দুটা দিনত অস্বাভাৱিকভাৱে মৃত্যু হোৱাত চহৰখনৰ একাংশ লোক আতংকিত হৈ পৰিছে

You might also like