অষ্ট্রেলিয়াত বিৰাট কোহলিৰ পৰা জয়ৰ আশা কৰিছে গাংগুলীয়ে
নিয়মীয়া বাৰ্তা, ১৫ জুলাই: মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ভাৰতীয় ক্রিকেট দলটোৱে বিগত মার্চ মাহৰ পৰাই আন্তর্জাতিক ক্রিকেটৰ পৰা আঁতৰি আছে৷ অৱশ্যে ক’ৰোনাৰ আতংকৰ মাজতে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই চলিত বর্ষৰ অক্টোবৰ মাহত অষ্ট্রেলিয়া ভ্রমণলৈ ৰাওনা হ’ব৷ টীম ইণ্ডিয়াৰ এই ভ্রমণত ইতিমধ্যে সেউজ সংকেত দিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ অষ্ট্রেলিয়া ভ্রমণকালত ভাৰতীয় দলটোৱে অক্টোবৰ মাহত তিনিখন টি–২০ মেচত অংশ লোৱাৰ পিছত ডিচেম্বৰ–জানুৱাৰীত চাৰিখনীয়া টেষ্ট শৃংখলা আৰু ইয়াৰ পিছতে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাও খেলিব৷ অষ্ট্রেলিয়া ভ্রমণ কৰিবলগীয়া ভাৰতীয় দলটোৱে এতিয়াও দলীয় অনুশীলনৰ পৰা বিৰত আছে যদিও দলটোৰ কিছুসংখ্যক খেলুৱৈয়ে নিজ গৃহ চহৰৰ নিকটৱর্তী খেলপথাৰত অনুশীলন আৰম্ভ কৰিছে৷ টীম ইণ্ডিয়াৰ আগন্তুক অষ্ট্রেলিয়া ভ্রমণটোক অধিক গুৰুত্বসহকাৰে লৈছে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে৷
সংবাদ প্রতিষ্ঠানৰে হোৱা এক বার্তালপত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে কয় যে দলটোৰ আগন্তুক অষ্ট্রেলিয়া ভ্রমণ সন্দর্ভত তেওঁ অধিনায়ক বিৰাট কোহলিৰে আলোচনা কৰিছে৷ উক্ত ভ্রমণৰ সময়ছোৱাত ভাৰতীয় দলটোৰ পৰা জয়ৰ আশা কৰিছে গাংগুলীয়ে৷ শেহতীয়াভাৱে কোহলিৰে বার্তালাপ কৰি থকা সৌৰভ গাংগুলীয়ে মহামাৰী ক’ৰোনা ভাইৰাছৰ সময়ছোৱাত খেলুৱৈসকলে কিদৰে ফিটনেছ বজাই ৰাখিছে, সেই সন্দর্ভতো নজৰ ৰাখিছে৷ বিগত ছমাহ ধৰি বিৰাট কোহলিৰ লগতে ভাৰতীয় দলটোৰ আন সদস্যসকলেও কোনো ক্রিকেট প্রতিযোগিতাত অংশগ্রহণ কৰা নাই৷
এনে অৱস্থাত ক্রিকেটাৰসকলে আঘাতৰ পৰা নিজকে বচাই ৰখাৰ বাবে চেষ্টা কৰিব লাগিব বুলি উল্লেখ কৰি বিচিচিআইৰ সভাপতিগৰাকীয়ে লগতে কয় যে অষ্ট্রেলিয়া ভ্রমণটো টীম ইণ্ডিয়াৰ বাবে সহজ নহ’ব৷ ২০১৮ চনত যি হৈছিল, এইবাৰ তেনেকুৱা হ’ব বুলি মনে নধৰে৷ ষ্টিভেন স্মিথ আৰু ডেভিদ ৱার্নাৰৰ উপস্থিতিত এইবাৰ অষ্ট্রেলিয়া দলটো অধিক শক্তিশালী৷ দলটোত শ্রেষ্ঠ বেটছমেনৰ লগতে শ্রেষ্ঠ বলাৰো আছে৷ অৱশ্যে বিৰাট কোহলি বাহিনীয়ে অষ্ট্রেলিয়াত সফলতা লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে সৌৰভ গাংগুলীয়ে৷