সামাজিক দূৰত্ব মানি নচলিলে গুৱাহাটীত প্ৰতিদিনে কমেও ২ হাজাৰকৈ ব্যক্তি আক্ৰান্ত হ’ব ক’ৰোনাতঃ স্বাস্থ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ “মাস্ক আৰু সামাজিক দূৰত্ব মানি নচলিলে গুৱাহাটীত প্ৰতিদিনে কমেও দুহাজাৰকৈ ব্যক্তি আক্ৰান্ত হ’ব কৰ’না ভাইৰাছত।” খানাপাৰা ক’ভিড কেন্দ্ৰ পৰিদৰ্শন কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
ৰাজ্যত প্ৰতিদিনে ১০ৰ পৰা ১২জন ব্যক্তি ক’ভিডৰ বাবে অতি জটিল অৱস্থাত পৰিবলগীয়া হৈছে। লগতে ১৫ আগষ্টত ভেকচিনৰ ভৰষা কৰি ক’ভিডক লৈ অসাৱধান হোৱাতো উচিত নহ’ব বুলিও মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে।
লগতে ক’ভিডৰ ক্ষেত্ৰত অধিক সতৰ্কতা হিচাপে চেষ্ট স্কেন কৰাৰ কথা চিন্তা-চৰ্চা স্বাস্থ্য বিভাগে কৰা বুলি জানিবলৈ দিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে ১৯ জুলাইৰ পিছত গুৱাহাটীত লকডাউন বৃদ্ধিৰ পৰিকল্পনা বৰ্তমান নাই বুলিও স্বাস্থ্যমন্ত্ৰীয়ে জানিবলৈ দিছে।